নেশ্যনেল ডেস্ক, 28 নৱেম্বৰ :বিহাৰৰ ঔৰংগবাদত লোমহৰ্ষক ঘটনা ৷ চাৰিগৰাকী যুৱতীয়ে বিষাক্ত দ্ৰব্য সেৱন কৰি আত্মহত্যাৰ চেষ্টা চলোৱাৰ বাতৰি পোহৰলৈ আহিছে ৷ চাৰিগৰাকী যুৱতীৰ ভিতৰত দুগৰাকী ভগ্নী বুলি জানিব পৰা গৈছে ৷ বিষক্ৰিয়াৰ ফলত এগৰাকী যুৱতীৰ মৃত্যু হোৱাৰ লগতে আন তিনিগৰাকী যুৱতীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । সম্প্ৰতি তিনিওগৰাকীকে গয়া মগধ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে ।
ঘটনাৰ বিৱৰণী অনুসৰি, দেওবাৰে বিয়লি কুণ্টুবা থানাৰ অন্তৰ্গত এখন গাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা ৷ লগে লগে গাঁওখনত হুলস্থুলীয়া পৰিৱেশৰ উদ্ভৱ হয় ৷ চাৰিগৰাকী যুৱতীয়ে একেলগে বহি বিষাক্ত দ্ৰব্য সেৱন কৰে ৷ যুৱতীকেইগৰাকীৰ বয়স প্ৰায় 18 ৰ পৰা 20 বছৰৰ ভিতৰত আছিল বুলি জানিব পৰা গৈছে ৷
খবৰ লাভ কৰিয়েই ততালিকে চাৰিগৰাকী যুৱতীৰ পৰিয়ালৰ লোকে তেওঁলোকক ঔৰংগবাদ সদৰ হাস্পতাললৈ লৈ যায়, কিন্তু চিকিৎসকে যুৱতীগৰাকীৰ অৱস্থা সংকটজনক হোৱা দেখি মগধ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ৷ কিন্তু দুৰ্ভাগ্যৱশতঃ বিষক্ৰিয়াৰ ফলত হাস্পতাললৈ নিয়াৰ পথতে এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱায় ৷