নেশ্যনেল ডেস্ক, 9 ফেব্ৰুৱাৰী: হিমাচল প্ৰদেশৰ উনাত শোকাৱহ ঘটনা ৷ জীৱন্তে অগ্নিদগ্ধ হৈ চাৰিটি শিশুৰ কৰুণ মৃত্যু (Four children burnt to death in Una) ৷ বুধবাৰে নিশা উনা জিলাৰ আম্বৰস্থিত ‘বানে দি হাট্টি’ (Bane Di Hatti) নামৰ স্থানত সংঘটিত হয় এই ঘটনা ৷ মৃত চাৰিটি শিশুৰ তিনিটি আছিল ভাতৃ-ভগ্নী ৷ সম্প্ৰতি আৰক্ষীয়ে আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে ৷
মৃত আটাইকেইটি শিশু বিহাৰৰ প্ৰব্ৰজিত শ্ৰমিকৰ সন্তান বুলি সদৰী কৰিছে আৰক্ষীয়ে ৷ আৰক্ষী সূত্ৰই জনোৱা অনুসৰি নিশা প্ৰায় 11 বজাত প্ৰব্ৰজিত শ্ৰমিক থকা দুটা বস্তিত হঠাৎ জুই লাগে (Una slum fire) ৷ নিশা শুই থকাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ অগ্নিকাণ্ডৰ পাচত আন লোকসকল নিৰাপদ স্থানলৈ যাবলৈ সক্ষম হয় যদিও চাৰিটি শিশুৱে জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণ মৃত্যুক সাৱটি লয় ৷