অসম

assam

ETV Bharat / bharat

CBI bank fraud: 4 বেংক প্ৰৱন্ধকক গ্ৰেপ্তাৰ - 4 বেংক প্ৰৱন্ধকক গ্ৰেপ্তাৰ

দীগ কোতৱালীৰ এ এছ আই ছিয়াৰাম ঢাকাদে জনোৱা মতে, চাৰি অভিযুক্তক প্ৰাক্তন শাখা প্ৰবন্ধক হিচাপে চিনাক্ত কৰা হৈছে ৷ তেওঁলোক হ'ল সুনীল কুমাৰ মীনা, কৃষি বিত্ত বিষয়া নীৰজ মণ্ডল, সহকাৰী প্ৰবন্ধক অনূপ চান্দ মীনা, আৰু প্ৰবন্ধক সত্যপাল মীনা(Four CBI bank employees arrested for fraud)।

Four CBI bank employees arrested for fraud worth Rs 2 85 crores in Rajasthan
CBI bank fraud: 4 বেংক প্ৰৱন্ধকক গ্ৰেপ্তাৰ

By

Published : Oct 17, 2022, 10:21 PM IST

নেশ্যনেল ডেস্ক,17 অক্টোবৰ:ৰাজস্থানত আৰক্ষীয়ে দেওবাৰে মুঠ ৭১ জন গ্ৰাহকক প্ৰতাৰণা কৰাৰ অপৰাধত চাৰিজন বেংক কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে ৷ পুৰণি অনাজ মন্দিত অৱস্থিত চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ দীগ শাখাৰ পৰা ২.৮৫ কোটি টকাৰ ধন বেংক প্ৰৱন্ধক কেইজনে গ্ৰাহকৰ পৰা লুট কৰিছিল(Four CBI bank employees arrested for fraud) । ভুৱা একাউণ্টৰ অধীনত নিজৰ গ্ৰাহকক ঋণ প্ৰদানেৰে প্ৰৱঞ্চনা সংঘটিত কৰিছিল বেংক কৰ্মচাৰীকেইটাই । ২০২০-২১ বিত্তীয় বৰ্ষৰ বেংকৰ গণনাৰ সময়ত প্ৰৱঞ্চনাৰ সমগ্ৰ বিষয়টো পোহৰলৈ আহিছিল ৷

দীগ কোতৱালীৰ এ এছ আই ছিয়াৰাম ঢাকাদে জনোৱা মতে, চাৰি অভিযুক্তক প্ৰাক্তন শাখা প্ৰবন্ধক সুনীল কুমাৰ মীনা, কৃষি বিত্ত বিষয়া নীৰজ মণ্ডল, সহকাৰী প্ৰবন্ধক অনূপ চান্দ মীনা, আৰু প্ৰবন্ধক সত্যপাল মীনা বুলি চিনাক্ত কৰা হৈছে । এই ৪ প্ৰৱঞ্চকে পদ্ধতিগতভাৱে ষড়যন্ত্ৰ কৰি ৭১ গৰাকী গ্ৰাহকলৈ আৰ্থিক সুবিধা প্ৰদান কৰিছিল আৰু ৫০ লাখ টকাৰ তেওঁলোকক প্ৰৱঞ্চনা কৰিছিল বুলি ভুক্তভোগীসকলে অভিযোগ উত্থাপিত কৰিছে ৷ গ্ৰাহকৰ পৰা প্ৰৱঞ্চনা কৰি পোৱা ২,৮৫,৪৫,২২৪ পৰিমাণৰ ধনখিনি নিজৰ মাজতে ভগায় লয় বুলি জানিবলৈ পোৱা গৈছে(Four CBI bank employees arrested for fraud worth Rs 2 85 crores in Rajasthan) ।

ভাৰতীয় কেন্দ্ৰীয় বেংকৰ আঞ্চলিক মুৰব্বী কবিতা ঠাকুৰ আৰু শাখা প্ৰবন্ধক যোগেশ কুমাৰ ৰায়গৰে ঘটনা সন্দৰ্ভত ৪ প্ৰৱঞ্চকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে(Central bank of india fraud case)৷ তেওঁলোকে প্ৰতিবেদনত উল্লেখ কৰে যে এই বেংক প্ৰৱন্ধককেইটাই বিভিন্ন আঁচনিৰ অধীনত ঋণ প্ৰদানৰ নিয়মক আওকাণ কৰিছিল, আৰু মুকলি কৰিছিল ৭৩ টা ভুৱা বেংক একাউণ্ট ৷

অপৰাধৰ লেখ-জোখ নোহোৱা কৰিবলৈ অপৰাধীসকলে ঋণ, ক্ৰয় বিল আদিৰ কোনোধৰণৰ উদ্ধৃতি প্ৰথমতে প্ৰদান কৰা নহ'ব বুলিও পূৰ্বেই স্পষ্ট কৰি দিয়ে ৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ ভিতৰত বেংকটোৰ অডিটত গুৰুতৰ বিসংগতিৰ কথা পোহৰলৈ আহিছে য’ত পৰিশোধ কৰিবলগীয়া হৈছিল বিপুল পৰিমাণৰ ধন৷ মুদ্ৰা ঋণৰ অধীনত আবেদনকাৰীসকলক তেওঁলোকৰ একাউণ্টত দিয়া হৈছিল ধন ৷ সম্পত্তিৰ কাগজ তথা কোনো ধৰণৰ নিৰাপত্তাৰ ধন জমা নোলোৱাকৈ আবেদনকাৰীসকলক ঋণ প্ৰদান কৰিছিল 4 প্ৰৱঞ্চক বেংক কৰ্মচাৰীয়ে ৷

লগতে পঢ়ক:AICC President Election 2022 : গান্ধী পৰিয়ালৰ পৰা মুক্ত হ’ব কংগ্ৰেছৰ সভাপতি পদ !

ABOUT THE AUTHOR

...view details