অসম

assam

ETV Bharat / bharat

ত্ৰিপুৰাৰ এমবিবি বিমানবন্দৰত বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ - ত্ৰিপুৰাত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ

ত্ৰিপুৰাত বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ । বিমানেৰে চেন্নাইলৈ যাবলৈ চেষ্টা কৰোতেই মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় ৪ জন বাংলাদেশী নাগৰিকক । দালাল ধন পৰিশোধ কৰি ভাৰতত প্ৰৱেশ কৰে এই লোকসকলে । দালালৰ আশীৰ্বাদতে ভুৱা পৰিচয় পত্ৰও লাভ কৰে এই লোকসকলে ।

Four BD Nationals arrested from MBB Airport Tripura
ত্ৰিপুৰাৰ এম বি বি বিমানবন্দৰত চাৰিজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ

By

Published : Aug 14, 2021, 10:19 AM IST

নেশ্যনেল ডেস্ক, ১৪ আগষ্ট: সমগ্ৰ দেশতে বৰ্তমান ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি অব্যাহত আছে । ত্ৰিপুৰাতো স্বাধীনতা দিৱস উপলক্ষে প্ৰস্তুতি চলোৱাৰ লগতে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে । এনে সময়তে ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিল ৪ গৰাকী বাংলাদেশী নাগৰিকক । আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় আটাইকেইজনকে ।

চোৰাংচোৱা সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে বাংলাদেশী নাগৰিককেইজনক সোধ-পোছ কৰে আৰু পাচত গ্ৰেপ্তাৰ কৰে । বিমানেৰে আগৰতলাৰ পৰা চেন্নাইলৈ যাবলৈ চেষ্টা কৰোতেই বাংলাদেশী নাগৰিককেইজন আৰক্ষীৰ জালত পৰে । ধৃত লোককেইজন দুলাল শ্বেইখ, ইউছুফ শ্বেইখ, আমিনুল শ্বেইখ আৰু ৰেজাবুল শ্বেইখ বুলি জানিব পৰা গৈছে । এই অভিযানৰ সময়ত, আৰক্ষীয়ে তেওঁলোকৰ পৰা ভুৱা আধাৰ কাৰ্ড জব্দ কৰে ।

আধাৰ কাৰ্ডত তেওঁলোকৰ পৰিচয় ভাৰতীয় নাগৰিক হিচাপে উল্লেখ আছিল যদিও উক্ত পৰিচয় ভুৱা আছিল । আৰক্ষী পৰিদৰ্শক সুকান্ত সেন চৌধুৰীয়ে কয় যে, তেওঁলোকে চাৰিজন বাংলাদেশী নাগৰিক এমবিবি বিমানবন্দৰৰ পৰা চেন্নাইলৈ ৰাওনা হোৱাৰ বিষয়ে খবৰ লাভ কৰাৰ পাচতে অভিযান চলাইছিল ।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আটাইকেইজনৰে লগত টিকট আছিল । কিন্তু, তেওঁলোকৰ আধাৰ কাৰ্ডবোৰ ভুৱা আছিল । প্ৰাথমিক জেৰাত বাংলাদেশী নাগৰিককেইজনে স্বীকাৰ কৰে যে, তেওঁলোকে অবৈধভাৱে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি ভাৰতলৈ আহিছিল । উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কেইবাজনো লোক শেহতীয়াকৈ পশ্চিমবংগত সীমা সুৰক্ষা বাহিনীৰ জালত পৰিছে ।

দালাল ধন পৰিশোধ কৰি ভাৰতত প্ৰৱেশ কৰে এই লোকসকলে । দালালৰ আশীৰ্বাদতে ভুৱা পৰিচয় পত্ৰও লাভ কৰে এই লোকসকলে । বাংলাদেশী নাগৰিকৰ প্ৰৱেশক বাধা দিয়াৰ বাবে সীমান্তত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে যদিও সেয়া পৰ্যাপ্ত হোৱা নাই । কিয়নো, এতিয়াও বাংলাদেশী নাগৰিকে অবৈধভাৱে প্ৰৱেশ কৰিয়েই আছে ।

লগতে পঢ়ক:অসমতে উপলব্ধ হ'ব কৰ্কট ৰোগৰ বিনামূলীয়া অত্যাধুনিক চিকিৎসা

ABOUT THE AUTHOR

...view details