অসম

assam

ETV Bharat / bharat

অসমৰ পৰা ATM চুৰি কৰি নিয়া ৪ চোৰক হাৰিয়ানাত গ্ৰেপ্তাৰ: ২৯ লাখ টকাও উদ্ধাৰ - হাৰিয়ানা আৰক্ষীৰ বৃহৎ সফলতা

হাৰিয়ানা আৰক্ষীৰ বৃহৎ সফলতা । অসমৰ ৰঙিয়াৰ পৰা এটিএম চুৰি কৰি লৈ যোৱা ৪ টা চোৰক পালৱাল CIAয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (ATM thief arrested in Palwal)। চোৰকেইটাৰ পৰা প্ৰায় ২৯ লাখ টকাৰ লগতে পিষ্টলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

thief
অসমৰ পৰা ATM চুৰি কৰি লৈ যোৱা ৪ চোৰক হাৰিয়ানাত গ্ৰেপ্তাৰ

By

Published : Jul 6, 2022, 1:34 PM IST

নেশ্যনেল ডেস্ক,৬ জুলাই :হাৰিয়ানাৰ পালৱাল জিলাত গ্ৰেপ্তাৰ চাৰি দুৰ্ধৰ্ষ এটিএম চোৰ (4 ATM thieves arrested in Palwal)। জিলাখনৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে চোৰকেইটাক । অসমৰ ৰঙিয়াৰ পৰা এটিএম চুৰি কৰি ধন লৈ গৈ থকা অৱস্থাতে ১৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিথৱাড়ী চকত গ্ৰেপ্তাৰ চোৰকেইটা (ATM thief arrested in Palwal)। চোৰ কেইটা গৈ থকা দুখন বাহনো জব্দ কৰে আৰক্ষীয়ে ।

পালৱাল CIAয়ে তেওঁলোকৰ পৰা ২৯ লাখ ৬৪ হাজাৰ টকা, তিনিটা অবৈধ অস্ত্ৰ আৰু এটা গেছ কাটাৰ কিট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পালৱাল আৰক্ষীয়ে ইতিমধ্যে অসম আৰক্ষীক এই বিষয়ে অৱগত কৰিছে ।

পালৱাল CIAৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্ব গৌৰৱে এই সন্দৰ্ভত কয় যে তেওঁলোকে এক গোপন খবৰৰ ভিত্তিত কিথৱাড়ী চকত নিশা তালাচী চকী স্থাপন কৰিছিল । সেই সময়তে দুখন বাহন ক্ৰমে বেলেনো আৰু ট্ৰাক কিথৱাড়ী চক অভিমুখে আহি থকা প্ৰত্যক্ষ কৰে আৰক্ষীৰ দলটোৱে । CIAৰ দলটোৱে বাহন দুখন ৰখোৱাৰ চেষ্টা কৰিছিল যদিও তেওঁলোকে পলোৱাৰ চেষ্টা কৰে ।

অসমৰ পৰা ATM চুৰি কৰি লৈ যোৱা ৪ চোৰক হাৰিয়ানাত গ্ৰেপ্তাৰ

পাছত আৰক্ষীয়ে বাহন দুখন জব্দ কৰিবলৈ সক্ষম হয় । লগতে বাহন দুখনত অহা ৪ টা চোৰকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ধৃত চোৰকেইটা হোদালৰ গড়ী পট্টিৰ গোপাল, নুহৰ পেমা খেৰা গাঁৱৰ বাসিন্দা নিছাৰ, মহম্মদ আৰু নাছিম বুলি চিনাক্ত কৰা হৈছে ।

বেলেনো বাহনখনত অহা নিছাৰ আৰু নাছিমৰ পৰা আৰক্ষীয়ে হস্তনিৰ্মিত পিষ্টল জব্দ কৰে । লগতে বাহনখনৰ পৰা এটা মোনাত ৫০০ টকাৰ কেইবাটাও কাৰ্টন আৰু কিছুমান জ্বলি যোৱা নোট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আনহাতে, ট্ৰাকখনত অহা গোপাল আৰু মহম্মদৰ পৰাও এটা হস্তনিৰ্মিত পিষ্টল আৰক্ষীয়ে উদ্ধাৰ কৰে । লগতে বাহনখনৰ পৰা এটা গেছ কাটাৰ কিট উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে নাছিৰ মধ্য প্ৰদেশৰ বেটুনত এনডিপিএছ আইনৰ এক গোচৰৰ অভিযুক্ত । দীৰ্ঘদিন ধৰি পলাতক নাছিৰৰ ওপৰত ১০,০০০ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল ।

পালৱাল অপৰাধ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্ব গৌৰৱে উল্লেখ কৰা মতে অভিযুক্ত চোৰকেইটাই স্বীকাৰ কৰিছে যে তেওঁলোকে অসমৰ ৰঙিয়া চহৰত থকা এটা এটিএম গেছ কাটাৰেৰে কাটি ধনখিনি লৈ গৈছিল । ইতিমধ্যে এই সন্দৰ্ভত কেম্প আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছে । লগতে আৰক্ষীয়ে চোৰকেইটাক জেৰাও অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Khwaja Sayyad Chishti Murder: নাছিকত চুফী বাবাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details