নেশ্যনেল ডেস্ক, 19 আগষ্ট:বিহাৰত সাংবাদিক নিগ্ৰহৰ ঘটনা সন্দৰ্ভত পুনৰ 4 জন অভিযুক্তক গ্ৰেপ্তাৰ । বিহাৰৰ অৰৰিয়া জিলাত সাংবাদিক বিমল যাদৱ হত্যাকাণ্ডৰ আন চাৰিজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । ঘটনা সন্দৰ্ভত দুই অভিযুক্ত ইতিমধ্যে কাৰাগাৰত আছে ৷ আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অহৰহ অভিযান চলাই আছে । আঠজন অভিযুক্তৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছে ।
আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এক বিবৃতিযোগে ভুক্তভোগীৰ পিতৃ হৰেন্দ্ৰ প্ৰসাদ সিঙৰ বক্তব্যৰ ভিত্তিত এই হত্যাকাণ্ডৰ গোচৰত 8 জন লোকৰ নাম উল্লেখ কৰা হৈছে বুলি জানিব পৰা গৈছে । পৰিয়ালে দাখিল কৰা এজাহাৰৰ ভিত্তিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে । ইয়াৰ লগতে এই হত্যাকাণ্ডৰ গোচৰত নাম উল্লেখ কৰা 8 জনৰ ভিতৰত দুজন অভিযুক্ত ইতিমধ্যে কাৰাগাৰত আছে আৰু মাত্ৰ চাৰিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি উল্লেখ কৰে ।
আৰক্ষীয়ে জনোৱা মতে, অতি সোনকালে এই গোচৰৰ প্ৰতিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব । সদৰৰ এছ ডি পি অ’ ৰামকুমাৰ পুকৰ সিঙে কয়, "আমি অবিৰতভাৱে অভিযান চলাই আছো । ভাৰ্গমাৰ বিপিন যাদৱ, ৰাণীগঞ্জৰ ভৱেশ যাদৱ, আশীষ যাদৱ আৰু উমেশ যাদৱক গ্ৰেপ্তাৰ কৰি জেৰা চলোৱা হৈছে ।"