অসম

assam

ETV Bharat / bharat

Sahityarathi Lakshminath Bezbaruah statue: ওড়িশাৰ সম্বলপুৰত সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন - অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া

"সাহিত্যৰথী বেজবৰুৱাই প্ৰায় ২০ বছৰ বাস কৰা মহানদী পাৰৰ সম্বলপুৰৰ বাসগৃহ আজি অসমীয়াৰ তীৰ্থস্থানত পৰিণত হৈছে"- সাংস্কৃতিক মন্ত্ৰী বিমল বড়া

Foundation Stone of full fledged bronze statue of Sahityarathi laid in Sambalpur
ওড়িশাৰ সম্বলপুৰত সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

By

Published : Jul 18, 2023, 9:34 PM IST

ওড়িশাৰ সম্বলপুৰত সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন

সম্বলপুৰ, 18 জুলাই: সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সম্বলপুৰৰ মহানদীৰ পাৰৰ ঘৰত অসম চৰকাৰৰ উদ্যোগত স্থাপন হ’ব তেওঁৰ প্ৰতিমূৰ্তি ৷ মঙলবাৰে প্ৰতিমূৰ্তিটোৰ আধাৰশিলা স্থাপনৰ বাবে বেজবৰুৱাৰ ঐতিহাসিক বাসগৃহত আয়োজিত হয় এখন গুৰুত্বপূৰ্ণ সভা ৷ এই সভাত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াই ৷

“সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এশ বছৰৰ পূৰ্বে ওড়িশাৰ মহানদীৰ পাৰৰ মনোৰম পৰিৱেশত প্ৰায় 20 বছৰ ধৰি বসবাস কৰা এই বাসগৃহটি আজি অসমীয়াৰ বাবে এক তীৰ্থ স্থানত পৰিণত হৈছে ৷”—এই মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী বিমল বড়াই ৷ ইয়াৰ লগতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ সন্মুখত নিৰ্মাণ হ'ব লগা বেজবৰুৱাৰ 12 ফুট দৈৰ্ঘ্যৰ এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই ৷

অসম চৰকাৰৰ অৰ্থ সাহাৰ্যৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত নিৰ্মাণ কৰিব লগা এই পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে ইয়াক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰি বেজবৰুৱাদেৱৰ সংৰক্ষিত বাসগৃহটো নতুন ৰূপত উদ্ভাসিত কৰাই তোলা হ'ব বুলি সাংস্কৃতিক মন্ত্ৰী বড়াই সদৰী কৰে ৷ বড়াই লগতে কয় যে, মহানদীৰ পাৰৰ নিৰিবিলি পৰিৱেশত ব্যৱসায়িক ব্যস্ততাৰ মাজতো অসমীয়া সাহিত্যৰ কাণ্ডাৰীগৰাকীয়ে ভাষা জননীৰ সেৱাত মহান সাহিত্য সৃষ্টি কৰিছিল ৷ সম্বলপুৰৰ স্থানীয় ৰাইজৰ মাজত জপুদা নামে পৰিচিত বেজবৰুৱাদেৱ আৰু একেলগে ব্যৱসায় কৰা জ্যেষ্ঠ ভাতৃ সদৃশ সদাগৰ ভোলানাথ বৰুৱাই সম্বলপুৰ আৰু ঝাৰচগুৰাৰ ৰাইজৰ মাজৰে এজন আছিল ৷ তেওঁলোকৰ স্মৃতিস্বৰূপে মদনমোহন এম ই স্কুল, সম্প্ৰতি জিলা হাস্পতাল নামে পৰিচিত পূৰ্বৰ বৰুৱা হাস্পতাল আদিৰ নিৰ্মাণ কৰা হৈছিল ৷

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত ভূমি পূজাৰ এক মাংগলিক অনুষ্ঠানেৰে প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ ইয়াৰ জৰিয়তে অসম আৰু উৰিষ্যাৰ জনসাধাৰণৰ মাজত এক সমন্বয় তথা সৌহার্দ্যমূলক বাতাবৰণ গঢ়ি উঠিব বলি আশা প্ৰকাশ কৰে মন্ত্ৰী বড়াই ৷ এই ক্ষেত্ৰত স্মৃতি ৰক্ষা সমিতিয়ে সেতুবন্ধনৰ কাম কৰা বাবে সমিতিক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী বড়াই ৷

লগতে বেজবৰুৱাৰ বাসগৃহটো সংৰক্ষণৰ বাবে ওড়িশা চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা বিশেষকৈ মুখ্যমন্ত্ৰী বিজু পাটনায়কে লোৱা ভূমিকাৰ বাবে মন্ত্ৰী বড়াই মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুৎ কুমাৰ চৌধুৰীৰ সভাপতিত্বত প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপনৰ বাবে আয়োজিত সভাখনত ভাষণ প্ৰদান কৰি ওড়িশাৰ সাহিত্য, সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী অশ্বিনী কুমাৰ পাত্ৰই লেখাৰ মাজেৰে বেজবৰুৱাই দুয়ো ৰাজ্যৰ মাজত সমন্বয় সাধন কৰা বুলি ব্যক্ত কৰি বেজবৰুৱাক মৃত্যুঞ্জয়ী সাহিত্যিক বুলি আখ্যা দিয়ে ৷ সম্বলপুৰৰ জিলা দণ্ডাধীশ অসম জীয়ৰী অনন্যা দাসে ভাষণত বেজবৰুৱাক সমন্বয়ৰ বাহক বুলি উল্লেখ কৰাৰ লগতে সাধনা গৃহত বেজবৰুৱাৰ সৃষ্টিৰ ইংৰাজী অনুবাদ গ্ৰন্থ ৰখাৰ পোষকতা কৰে ৷

লগতে পঢ়ক:Himachal Crorepati Tomato Farmer : বিলাহী বিক্ৰী কৰি কোটিপতি হিমাচলৰ কৃষক

ABOUT THE AUTHOR

...view details