অসম

assam

ETV Bharat / bharat

Indo-Bangla border haat: কমলপুৰ-কুৰমাঘাট সীমান্ত বজাৰৰ আধাৰশিলা স্থাপন - কমলপুৰ কুৰমাঘাট সীমান্ত বজাৰৰ আধাৰশিলা স্থাপন

আন এখন সীমান্ত বজাৰ স্থাপন হ'ব ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত । কমলপুৰ-কুৰমাঘাট সীমান্ত বজাৰৰ (Kamalpur Kurmaghat border haat) নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ আৰু বাংলাদেশৰ বাণিজ্য মন্ত্ৰী টিপু মুন্সীৰ উপস্থিতিত বজাৰৰ আধাৰশিলা স্থাপন ।

Indo Bangla border haat
কমলপুৰ কুৰমাঘাট সীমান্ত বজাৰৰ আধাৰশিলা স্থাপন

By

Published : Feb 4, 2022, 1:56 PM IST

আগৰতলা,৪ ফেব্ৰুৱাৰী :ত্ৰিপুৰাৰ ভাৰত-বাংলা সীমান্তত নিৰ্মাণ হ'ব তৃতীয়খন সীমান্ত বজাৰ বা ব'ৰ্ডাৰ হাট (Indo Bangla border haat) । বৃহস্পতিবাৰে এই বজাৰ নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰা হয় । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ আৰু বাংলাদেশৰ বাণিজ্য মন্ত্ৰী টিপু মুন্সীৰ উপস্থিতিত ভাৰতৰ কমলপুৰ আৰু বাংলাদেশৰ কুৰমাঘাত সীমান্তত তৃতীয় ভাৰত-বাংলাদেশ সীমান্ত বজাৰৰ (Kamalpur Kurmaghat border haat)আধাৰশিলা স্থাপন কৰা হয় ।

আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সীমান্ত বজাৰৰ পৰিসীমা হ'ব ৭৫ বৰ্গ মিটাৰ আৰু উভয় পক্ষৰে ১০০ গৰাকীকৈ বিক্ৰেতা থাকিব । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই সীমান্ত বজাৰৰ ফলত ভাৰত আৰু বাংলাদেশৰ মাজত বাণিজ্যিক কাৰ্যকলাপ বৃদ্ধি পাব । তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ত্ৰিপুৰাই উন্নয়নৰ পথত ক্ৰমান্বয়ে আগবাঢ়ি গৈছে ।

সীমান্ত বজাৰৰ পদক্ষেপ লোৱাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বিপ্লৱ কুমাৰ দেৱে ধন্যবাদ জ্ঞাপন কৰে । এই সীমান্ত বজাৰৰ ফলত দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক শক্তিশালী হ'ব বুলিও আশাবাদী মুখ্যমন্ত্ৰীগৰাকী । তেওঁ জনোৱা মতে ত্ৰিপুৰা চৰকাৰে এনেকুৱা ৮ খন সীমান্ত বজাৰৰ প্ৰস্তাৱ দিছে । ইয়াৰে ২ খন বজাৰ চলি আছে আৰু দুখন বজাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমতি প্ৰদান কৰিছে ।

আন এখন নতুন সীমান্ত বজাৰ ত্ৰিপুৰাৰ উত্তৰ জিলাৰ ধৰ্মনগৰৰ ৰাঘনাত স্থাপন কৰা হ'ব । মুখ্যমন্ত্ৰীৰ মতে এই সীমান্ত বজাৰবোৰে কেৱল বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰাই নহয় দুয়োখন দেশৰ মাজত আধ্যাত্মিক সম্পৰ্কও শক্তিশালী কৰিব । তেওঁ আশা কৰা মতে বজাৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত চলিব আৰু অতি শীঘ্ৰে এই বজাৰ জনসাধাৰণৰ বাবে মুকলি কৰা হ'ব ।

বাংলাদেশৰ বাণিজ্য মন্ত্ৰী টিপু মুন্সী, বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত বিক্ৰম ডৰাইস্বামী আৰু বাংলাদেশৰ সাংসদ ম: আব্দুছ শ্বাহিদ, ত্ৰিপুৰাৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী মনোজ কান্তি দেৱৰ লগতে বহু শীৰ্ষ বিষয়াই আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে । ইফালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ মন্ত্ৰী টিপু মুন্সীক থলুৱাভাৱে বাঁহেৰে নিৰ্মিত এক বিশেষ সামগ্ৰীৰে সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে ত্ৰিপুৰাত বৰ্তমান দুখন সীমান্ত বজাৰ আছে । ত্ৰিপুৰাৰ চেপাহিজালা জিলাৰ কাচবাত আৰু দক্ষিণ জিলাৰ বেলোনিয়াৰ শ্ৰীনগৰত আছে এই বজাৰ দুখন ।

লগতে পঢ়ক :New covid guidelines for tourists: ত্ৰিপুৰাৰ পৰ্যটকসকলৰ বাবে ক'ভিডৰ নতুন নিৰ্দেশনা

ABOUT THE AUTHOR

...view details