নেশ্যনেল ডেস্ক, 23 জুলাই : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি (BJP)ৰ জ্যেষ্ঠ নেতা কল্যাণ সিং (Kalyan Singh)ৰ স্বাস্থ্যৰ গুৰুতৰভাৱে অৱনতি ঘটনা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি তেওঁক ভেণ্টিলেৰটত ৰখা হৈছে ৷ শুকুৰবাৰে সঞ্জয় গান্ধী পোষ্ট গ্ৰেজুৱেট ইন্সটিটিউট অৱ মেডিকেল চায়েন্সেছ (SGPGIMS)ৰ চিকিৎসকে এই কথা সদৰী কৰে ৷ ক্ৰিটিকেল কেয়াৰ মেডিচিন (CCM)ৰ কাৰ্ডিওল’জী (Cardiology), নেফ্ৰোল’জী (Nephrology), নিউৰোল’জী (Neurology) আৰু এণ্ডোক্ৰিনোল’জী (Endocrinology) বিভাগসমূহৰ অধীনত চিকিৎসাধীন হৈ আছে বৰিষ্ঠ নেতাগৰাকীয়ে ৷
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি - কল্যাণ সিং
গুৰুতৰভাৱে স্বাস্থ্যৰ অৱনতি ঘটিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি (BJP)ৰ জ্যেষ্ঠ নেতা কল্যাণ সিং (Kalyan Singh)ৰ ৷ ক্ৰিটিকেল কেয়াৰ মেডিচিন (CCM)ৰ কাৰ্ডিওল’জী (Cardiology), নেফ্ৰোল’জী (Nephrology), নিউৰোল’জী (Neurology) আৰু এণ্ডোক্ৰিনোল’জী (Endocrinology) বিভাগসমূহৰ অধীনত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্য়মন্ত্ৰীগৰাকীয়ে ৷
কল্যাণ সিঙৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি
প্ৰতিষ্ঠানটোৰ সঞ্চালক আৰ কে ধিমানে দৈনিক ভিত্তিত তেওঁৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি আছে । বিগত 8 জুলাইত শৰীৰত সংক্ৰমণ আৰু অক্সিজেনৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে হাস্পতালখনৰ আই চি ইউ (ICU)ত ভৰ্তি কৰোৱা হৈছিল জ্যেষ্ঠ বিজেপি নেতা কল্যাণ সিঙক ৷ ইয়াৰ পূৰ্বে তেওঁ ৰাম মোহন লোহিয়া ইন্সটিটিউট অৱ মেডিকেল চায়েন্সেছ (Ram Manohar Lohia Institute of Medical Sciences)ত চিকিৎসাধীন হৈ আছিল ৷
লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক