নেশ্যনেল ডেস্ক, 3 অক্টোবৰ:উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হৈছে যদিও এতিয়াও ICU তে ৰখা হৈছে নেতাগৰাকীক (Mulayam Singh Yadav Health condition) ৷ দেওবাৰে এক বিবৃতি যোগে এই কথা সদৰি কৰে দলটোৱে ।
সমাজবাদী পাৰ্টিয়ে এক টুইটযোগে কয়, "সন্মানীয় নেতাগৰাকীক গুৰুগ্ৰামৰ মেদান্ত হাস্পতালৰ ICUত ভৰ্তি কৰোৱা হৈছে ৷ বৰ্তমান তেওঁৰ অৱস্থা কিছু সুস্থিৰ হৈছে (Mulayam Singh in Medanta Hospital)। জ্যেষ্ঠ চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি আছে (Mulayam Singh Yadav ICU)।"
দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজবাদী পাৰ্টীৰ মুৰব্বী তথা মুলায়ম সিং যাদৱৰ পুত্ৰ অখিলেশ যাদৱৰ সৈতে বাৰ্তালাপ কৰে আৰু পিতৃ মুলায়ম সিং যাদৱৰ স্বাস্থ্যৰ বিষয়ে সোধ-পোছ কৰে (Pm Modi on Mulayam Singh Yadav health condition)। ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰে । ৰাহুল গান্ধীয়ে টুইটযোগে কয়, "মুলায়ম সিং জীৰ অসুস্থতাৰ খবৰ পাইছো । তেখেতৰ আশু আৰোগ্য কামনা কৰিলোঁ ।"