অসম

assam

By

Published : Jul 21, 2021, 1:55 PM IST

ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙ(Kalyan Singh)ৰ স্বাস্থ্যৰ অৱস্থা ক্ৰমান্বয়ে অৱনতি ঘটিছে । বৰ্তমান সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । মঙলবাৰে চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে, বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক ।

Former UP CM Kalyan Singh has been put on life support system
উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক

নেশ্যনেল ডেস্ক, ২১ জুলাই: উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হৈ পৰিছে । বৰ্তমান তেওঁক লাইভ ছাপৰ্ট ছিষ্টেমত ৰখা হৈছে বুলি জানিব পৰা গৈছে । লক্ষ্ণৌস্থিত সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(Sanjay Gandhi Post Graduate Institute of Medical Sciences)ত চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী । মঙলবাৰে চিকিৎসালয় কৰ্তৃপক্ষই কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে প্ৰকাশ কৰিছে । লগতে বিশেষজ্ঞ চিকিৎসকে নিৰীক্ষণ কৰি আছে বুলি চিকিৎসালয় কৰ্তৃপক্ষই এক বিবৃতিযোগে জানিবলৈ দিছে ।

ক্ৰিটিকেল কেয়াৰ মেডিচিন(critical care medicine), কাৰ্ডিঅ'লজী, নেফ্ৰ'লজী, নিউৰ'লজী আৰু এণ্ডোক্ৰিন'লজীৰ জ্যেষ্ঠ চিকিৎসকে তেওঁৰ স্বাস্থ্য অৱস্থাৰ নিৰীক্ষণ কৰি আছে । লগতে সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক আৰ কে ধিমানে দৈনিক ভিত্তিত তেওঁৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি আছে । ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল ৮৯ বছৰীয়া কল্যাণ সিঙক ৪ জুলাইৰ সন্ধিয়া চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল । ইয়াৰ পূৰ্বে তেওঁ ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল ।

আনহাতে, যোৱা ১৩ জুলাইত সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান কৰ্তৃপক্ষই প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা কিছু পৰিমাণে সুস্থিৰ হোৱা বুলি জানিবলৈ দিছিল । কিন্তু পুনৰ তেওঁ অৱস্থাৰ অৱনতি ঘটে । সংক্ৰমণ হোৱাৰ বাবে আৰু আন কিছু সমস্যাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেতিয়াৰে পৰা চিকিৎসকে নিয়মীয়াকৈ তেওঁৰ স্বাস্থ্যৰ অৱস্থা নিৰীক্ষণ কৰি আছে ।

লগতে পঢ়ক:আত্মহত্যাৰ পথ বাচি লোৱা কোন এইগৰাকী আনান্নায়াহ কুমাৰী এলেক্স ?

ABOUT THE AUTHOR

...view details