অসম

assam

By

Published : Jul 20, 2021, 1:40 PM IST

ETV Bharat / bharat

স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ

সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (SGPGIMS) সম্প্ৰতি চিকিৎসাধীন ৮৯ বছৰীয়া নেতাগৰাকী । হাস্পতাল কতৃপক্ষই জনোৱা মতে স্বাস্থ্য সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁৰ ওপৰত অনবৰতে নিৰীক্ষণ অব্যাহত ৰাখিছে ।

chief minister Kalyan Singh critical
স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ

নেশ্যনেল ডেস্ক, ২০ জুলাই :উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙৰ স্বাস্থ্যৰ অৱস্থা অতি সংকটজনক । সঞ্জয় গান্ধী স্নাতকোত্তৰ চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত (SGPGIMS) সম্প্ৰতি চিকিৎসাধীন ৮৯ বৰ্ষীয় নেতাগৰাকী । হাস্পতাল কতৃপক্ষই জনোৱা মতে স্বাস্থ্য সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকৰ এটা দলে তেওঁৰ ওপৰত অনবৰতে নিৰীক্ষণ অব্যাহত ৰাখিছে ।

সোমবাৰে স্বাস্থ্য বুলেটিনৰ জৰিয়তে হাস্পতাল কতৃপক্ষই জনাইছিল যে তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি হোৱা নাই আৰু উশাহ লোৱাৰ অসুবিধা হোৱাৰ পিছতে তেওঁক ন'ন ইনভেঞ্চিভ ভেন্টিলেচ্যনত (non-invasive ventilation) ৰখা হৈছে । লগতে কোৱা হৈছে যে ক্ৰিটিকেল কেয়াৰ মেডিচিন (CCM), কাৰ্ডিঅ'লজী (cardiology), নেফ্ৰ'লজী (nephrology), নিউৰ'লজী (neurology) আৰু এণ্ড'ক্ৰিনোলজীৰ (endocrinology) জ্যেষ্ঠ চিকিৎসকৰ নিৰীক্ষণত আছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপালগৰাকী ।

এছজিপিজিআইএমএছৰ সঞ্চালক অধ্যাপক আৰ কে ধিমানে নিজে প্ৰতিদিনে নেতাগৰাকী স্বাস্থ্যৰ অৱস্থাৰ তদাৰক কৰি আছে । উল্লেখ্য যে ৮৯ বছৰীয়া নেতাগৰাকীক ৪ জুলাইত স্বাস্থ্যৰ কিছু বিসংগতি ঘটাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । ইফালে ইয়াৰ পূৰ্বে বাৰ্ধক্যজনিত জটিলতাৰ বাবে ডাঃ ৰাম মনোহৰ লোহিয়া চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত তেওঁক ভৰ্তি কৰোৱা হৈছিল । তেওঁ আনকি পিছত ক'ভিডত আক্ৰান্ত হৈছিল । সম্প্ৰতি জ্যেষ্ঠ নেতাগৰাকীৰ আশুআৰোগ্য কামনা কৰি চাৰিওফালে তেওঁৰ শুভাকাংশীয়ে প্ৰাৰ্থনা অব্যাহত ৰাখিছে ।

ইফালে দেওবাৰে বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ হাস্পতালত উপস্থিত হৈছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ । তেওঁ চিকিৎসকসকলৰ সৈতে নেতাগৰাকীৰ স্বাস্থ্য়ৰ বিষয়ে আলোচনা কৰাৰ লগতে চিকিৎসকৰ তৰফৰ পৰা সকলো চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছিল ।

লগতে পঢ়ক :পেগাচাছ ৰিপোৰ্ট: সাংসদ সঞ্জয় সিঙৰ জিৰ' আৱাৰ জাননী

ABOUT THE AUTHOR

...view details