নেশ্যনেল ডেস্ক,10 ছেপ্টেম্বৰ: ত্ৰিপুৰাত ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ বাবে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ নাম বাছনি কৰিছে বিজেপি দলে । ২২ ছেপ্টেম্বৰত কেৱল মাত্ৰ এখন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া ত্ৰিপুৰাৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বিজেপিয়ে(Former Chief Minister Biplab Deb )। ৯ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে নিশাৰ ভাগত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকে ঘোষণা কৰে বিপ্লৱ কুমাৰ দেৱৰ নাম ।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ‘নিৰীক্ষক’ হিচাপেও নিযুক্তি দিছে দলটোৱে ৷ দেৱে এক বিবৃতি যোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ।