নেশ্য়নেল ডেস্ক, ১১ মাৰ্চ: বিকানেৰ ৰাজপৰিয়ালৰ প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰীৰ শনিবাৰে দেহাৱসান ঘটে (Former Rajmatar Susheela Kumari passes away)। প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰী বিকানেৰ ৰাজ্যৰ প্ৰাক্তন মহাৰাজা তথা একেৰাহে 25 বছৰ ধৰি সাংসদ হোৱা ড৹ কৰ্ণী সিঙৰ পত্নী আছিল (Former Maharaja of Bikaner State Dr Karni Singh)। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৫ বছৰ । প্ৰাক্তন ৰাজমাতাগৰাকীৰ মৃত্যুত বিকানেৰৰ লগতে ডুংগৰপুৰ ৰাজ্যত শোকৰ ছাঁ পৰিছে । প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰীৰ অন্তিম সৎকাৰ দেওবাৰে অনুষ্ঠিত হ'ব । শনিবাৰে অৰ্থাৎ আজিৰ দিনটোৰ বাবে তেখেতৰ মৃতদেহ ৰাইজৰ শেষ শ্ৰদ্ধাৰ বাবে ৰখা হৈছে ।
প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰী বিকানেৰ পশ্চিমৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত সিদ্ধি কুমাৰীৰ আইতাক আছিল ( BJP MLA Siddhi Kumari) । সিদ্ধি কুমাৰীয়ে প্ৰাক্তন ৰাজমাতাৰ লগত থাকি তেখেতৰ স্বাস্থ্যৰ যত্ন লৈছিল । প্ৰাক্তন ৰাজমাতা সুশীলা কুমাৰী ডুংগৰপুৰ ৰাজ্যৰ ৰাজকুমাৰী আছিল । তেওঁ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ৰাজ সিং ডুংগৰপুৰৰ ভগ্নী আছিল (Former BCCI chairman Raj Singh Dungarpur)।