নেশ্যনেল ডেস্ক,৮ ছেপ্টেম্বৰ :নতুন দিল্লীত জি-২০ বৈঠকৰ ব্যাপক আয়োজন চলিছে । দেশ-বিদেশৰ বিশিষ্ট অতিথিসকলক আদৰিবলৈ সাজু হৈছে ভাৰত চৰকাৰ । দুই এজনকৈ বিশ্বৰ বিশিষ্ট নেতা ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে । ৯ আৰু ১০ ছেপ্টেম্বৰত জি-২০ বৈঠকৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনক সুন্দৰকৈ সজ্জিত কৰা হৈছে । এই বৃহৎ অনুষ্ঠানটোক লৈ তৎপৰ হৈ পৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ । বিদেশী প্ৰতিনিধিৰ উপৰিও বৰ্তমানৰ কেবিনেটৰ সদস্য, সাংসদসকলৰ উপৰিও জি-২০ বৈঠকৰ নৈশ ভোজত দেশৰ কেইগৰাকীমান প্ৰাক্তন জ্যেষ্ঠ নেতাও উপস্থিত থাকিব বুলি আশা কৰা হৈছে ।
তাৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু এইচডি দেৱগৌড়াকো জি-২০ বৈঠকৰ নৈশ ভোজলৈ আমন্ত্ৰণ জনোৱা হৈছে । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেন, ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি ছুনাক, চৌদি ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমান, কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডো আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা দেশখনৰ ৰাজধানী চহৰত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলগীয়া মুখ্য নেতাসকলৰ ভিতৰত আছে ।
লক্ষণীয়ভাৱে, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে এই বৈঠকত অংশগ্ৰহণ নকৰিব । অৱশ্যে চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াঙে বৈঠকত দেশখনক প্ৰতিনিধিত্ব কৰিব আৰু ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভাৰভে ৰাছিয়াক প্ৰতিনিধিত্ব কৰিব ৷ ভাৰতে প্ৰথমবাৰৰ বাবে জি-২০ বৈঠক আয়োজন কৰিছে ৷ ভাৰতৰ পৰম্পৰা আৰু শক্তিক চিহ্নিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলি আছে ।