অসম

assam

ETV Bharat / bharat

Imran Khan in trouble : যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইমৰান খান ! - Imran Khan sentenced to 3 years in Toshakhana case

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৩ বছৰৰ কাৰাদণ্ড । তশাখানা গোচৰত তেওঁৰ বিৰুদ্ধে ১ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে । যিকোনো সময়ত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা ।

Imran Khan in trouble
যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে ইমৰান খান

By

Published : Aug 5, 2023, 3:30 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৫ আগষ্ট :পুনৰ এবাৰ বিপদত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান । পাকিস্তানৰ আদালতত মুখথেকেচা খালে ইমৰান খানে । শনিবাৰে তশখানা গোচৰত আদালতে তেওঁক ৩ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । আদালতৰ এই সিদ্ধান্তৰ পাছত আৰক্ষীয়ে ইমৰান খানৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোয়ানাও জাৰি কৰিছে । জিলা আদালতে তেওঁৰ বিৰুদ্ধে এই শাস্তি ঘোষণা কৰে । আদালতৰ এই সিদ্ধান্তই পাকিস্তানৰ ৰাজনীতিত পুনৰ এবাৰ আলোড়নৰ সৃষ্টি কৰিছে ।

খবৰ অনুসৰি, ইমৰান খানৰ ওপৰত এক লাখ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে । ইছলামাবাদস্থিত জিলা অতিৰিক্ত ন্যায়াধীশ হুমায়ুন দিলাৱাৰ আৰু সত্ৰ ন্যায়াধীশে তেওঁৰ বিৰুদ্ধে জৰিমনা ঘোষণা কৰে । লগতে কয় যে জৰিমনা পৰিশোধ কৰাত বিফল হ'লে তেওঁ আৰু অতিৰিক্ত ৬ মাহৰ বাবে কাৰাগাৰত থাকিব লাগিব ।

আদালতৰ এই সিদ্ধান্তৰ পাছত আন এক বিষয়ত চৰ্চা চলিছে । কিয়নো তেওঁ ৫ বছৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব । ইয়াৰ পূৰ্বে, পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে এই গোচৰত তেওঁৰ আবেদন খাৰিজ কৰিছিল । আদালতৰ এই সিদ্ধান্তৰ পাছত পাকিস্তানৰ আৰক্ষীয়ে তেওঁক যিকোনো সময়তে গ্ৰেপ্তাৰ কৰিব পাৰে !

শুনানিৰ সময়ত অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (এডিএছজে) হুমায়ুন দিলাৱাৰে ৰায় দি কয় যে গোচৰটোত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ প্ৰমাণিত হৈছে । ইমৰান খানে পাকিস্তানৰ নিৰ্বাচন আয়োগৰ ওচৰত ভুৱা বিৱৰণ দাখিল কৰিছিল আৰু তেওঁ দুৰ্নীতিৰ বাবে দোষী সাব্যস্ত হৈছে । আদালতৰ ৰায়দানৰ পাছতে ইমৰান খানৰ বাসগৃহৰ বাহিৰত আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে আৰু জামান পাৰ্ক পথত যান-বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে । প্ৰতিবাদৰ আশংকা কৰি তাত কোনো লোককে প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই ।

লগতে পঢ়ক :Imran Khan Summons by Court : ইমৰান খানক পাকিস্তান বিচাৰ আদালতৰ চমন

ABOUT THE AUTHOR

...view details