অসম

assam

হিমালয়ৰ সাধুক গোপন বিত্তীয় তথ্য প্ৰদান কৰি CBI ৰ ৰোষত NSE ৰ প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণ

By

Published : Feb 19, 2022, 9:35 AM IST

National Stock Exchange চমুকৈ NSE ৰ প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণক শুকুৰবাৰে চিবিআইয়ে সুবিধাৰ অপব্যৱহাৰৰ অভিযোগত ১২ ঘণ্টা ধৰি সোধা-পোছা কৰে ( CBI questioned former NSE CEO Chitra Ramkrishna) । দেশৰ সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জ NSE ৰ প্ৰাক্তন মুৰব্বী গৰাকীৰ বিৰুদ্ধে আছে হিমালয়ৰ এগৰাকী সাধুক গোপনীয় বিত্তীয় তথ্য প্ৰদান কৰাৰ লগতে সুবিধাৰ অপব্যৱহাৰৰ অভিযোগ ৷

former-nse-ceo-accused-of-sharing-info-with-himalayan-yogi-questioned-by-cbi
হিমালয়ৰ সাধুক গোপন বিত্তীয় তথ্য প্ৰদান কৰি CBI ৰ ৰোষত NSE ৰ প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণ

নিউজ ডেস্ক, 19 ফ্ৰেব্ৰুৱাৰী : দেশৰ সৰ্ববৃহৎ ষ্টক এক্সচেঞ্জ National Stock Exchange চমুকৈ NSE ৰ প্ৰাক্তন মুৰব্বী চিত্ৰা ৰামকৃষ্ণক চিবিআইয়ে সুবিধাৰ অপব্যৱহাৰৰ অভিযোগত ১২ ঘণ্টা ধৰি সোধা-পোছা কৰে ( CBI questioned former NSE CEO Chitra Ramkrishna) । এই গোচৰটো সম্পৰ্কত ইয়াৰপূৰ্বে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছিল ৷ সূত্ৰ অনুসৰি তেতিয়াৰে পৰা বৰ্তমানলৈকে বহু নতুন-নতুন তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিততেই শ্ৰীমতী ৰামকৃষ্ণক এইদৰে জেৰা কৰা হৈছিল বুলি জানিব পৰা গৈছে ।

কেন্দ্ৰীয় সংস্থাটোৱে শ্ৰীমতী ৰামকৃষ্ণ, প্ৰাক্তন চিঅ'অ' আনন্দ সুব্ৰমনিয়াম আৰু তেওঁৰ পূৰ্বসূৰী ৰবি নাৰায়ণৰ বিৰুদ্ধেও জাননী প্ৰেৰণ কৰিছে ৷ এই জাননী অনুসৰি, তেওঁলোকে দেশ এৰি যোৱাত বাধা আৰোপ কৰা হৈছে । উল্লেখ্য যে, চিত্ৰা ৰামকৃষ্ণ 2013 চনৰ পৰা 2016 চনলৈ ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক আছিল ৷ পিছলৈ এই পদবীৰ পৰা তেওঁ 'ব্যক্তিগত কাৰণত' পদত্যাগ কৰিছিল ৷

মন কৰিব লগীয়া যে, নিয়মাৱলীৰ এক 'স্পষ্ট উলংঘন'ৰ এক অভিযোগৰ বাবেও তেওঁৰ ওপৰত তদন্ত চলি আছে ৷ এই অভিযোগ অনুসৰি, হিমালয়ৰ এগৰাকী সাধুক তেওঁ যথেষ্ট গোপনীয় বিত্তীয় তথ্য প্ৰদান কৰিছিল (Former NSE CEO Accused Of Sharing Info With Himalayan Yogi ) ৷ কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে দিল্লীস্থিত অ'পিজি চিকিউৰিটিজ প্ৰাইভেট লিমিটেডৰ এজন মালিক আৰু প্ৰচাৰক, সঞ্জয় গুপ্তা আৰু অন্যান্য সকলৰ বিৰুদ্ধে শ্বেয়াৰ বজাৰত এনএছইৰ নামত সুবিধাৰ অপব্যৱহাৰকৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছিল ৷

সংস্থাটোৱে ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড (Securities and Exchange Board of India) চমুকৈ ছেবি আৰু এনএছই, মুম্বাইৰ অন্যান্য অচিনাক্ত বিষয়াসকলৰ সন্দৰ্ভতো অনুসন্ধান কৰি আছে । শেহতীয়াকৈ ১১ ফেব্ৰুৱাৰীত ছেবিয়ে প্ৰকাশ কৰিছিল যে আনন্দ সুব্ৰমনিয়ামক এক্সচেঞ্জৰ গ্ৰুপৰ অপাৰেটিং অফিচাৰ আৰু মেনেজিং ডাইৰেক্টৰৰ (এমডি) উপদেষ্টা হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত হিমালয়ত বাস কৰা এজন যোগীয়ে তেওঁক পৰিচালনা কৰিছিল । ইয়াৰ পিছতে এই ঘটনাই সংবাদ শিৰোনাম দখল কৰিছিল ৷

লগতে পঢ়ক :NIA ARRESTS IPS OFFICER: উগ্ৰপন্থীক গোপন তথ্য যোগান ধৰি গ্ৰেপ্তাৰ হ’ল আইপিএচ বিষয়া

For All Latest Updates

ABOUT THE AUTHOR

...view details