অসম

assam

ETV Bharat / bharat

Madhumita Shukla murder case : ২০ বছৰ কাৰাবাসৰ অন্তত মুক্তি লাভ পত্নীসহ প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠীৰ

লক্ষ্ণৌত কবি মধুমিতা শুক্লাৰ হত্যাৰ গোচৰত প্ৰায় ২০ বছৰ ধৰি কাৰাগাৰত আছে প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নী মধুমণি ত্ৰিপাঠী । শেহতীয়াকৈ তেওঁলোকৰ আবেদনৰ ভিত্তিত কাৰাগাৰ কৰ্তৃপক্ষই দুয়োকে সময়ৰ পূৰ্বে মুকলি কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে ।

Madhumita Shukla murder case
২০ বছৰ কাৰাবাসৰ অন্তত মুক্তি লাভ পত্নীসহ প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠীৰ

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 2:17 PM IST

নেশ্যনেল ডেস্ক,২৫ আগষ্ট : হত্যাৰ অভিযুক্ত প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নী মধুমণি ত্ৰিপাঠীক মুকলি কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে । দুটা দশক পূৰ্বে লক্ষ্ণৌত কবি মধুমিতা শুক্লাৰ হত্যাৰ গোচৰত দুয়োগৰাকীয়ে যাৱজ্জীৱন কাৰাবাস খাটি আছিল । ৰাজ্যপালৰ অনুমতি সাপেক্ষে কাৰাগাৰ প্ৰশাসন আৰু সংস্কাৰ বিভাগে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰে ।

অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নী মধুমাণিয়ে সময়ৰ পূৰ্বে মুক্তিৰ বাবে আবেদন কৰিছিল । কিয়নো দুয়োৰে বয়স ৬০ অতিক্ৰম কৰিছে আৰু তেওঁলোকে ১০ বছৰ কাৰাবাস খাটিছে । তেওঁলোকৰ আবেদন বিভাগীয় কৰ্তৃপক্ষই গ্ৰহণ কৰি মুকলি কৰি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে ।

কাৰাগাৰ প্ৰশাসন আৰু সংস্কাৰ বিভাগে তেওঁলোকক সময়ৰ পূৰ্বে মুক্তি দিয়াৰ দুটা পৃথক আদেশ জাৰি কৰিছে । ৬৬ বছৰীয়া অমৰমাণি ত্ৰিপাঠী আৰু ৬১ বছৰীয়া মধুমণি ত্ৰিপাঠীয়ে ১৭ বছৰতকৈও অধিক কঠোৰ কাৰাবাস আৰু ২০ বছৰতকৈও অধিক সশ্ৰম কাৰাবাস খাটিছে । তেওঁলোক দুয়োৰে কাৰাগাৰত ভাল আচৰণ আছিল । সেয়েহে যদি আন কোনো গোচৰত দুয়োকে কাৰাগাৰত ৰখাৰ প্ৰয়োজন নহয়, তেন্তে জিলা দণ্ডাধীশ গোৰখপুৰৰ বিবেচনা অনুসৰি কাৰাগাৰৰ পৰা দুটা জামিন আৰু একে পৰিমাণৰ বণ্ড মুকলি কৰিব লাগে বুলিও নিৰ্দেশনাত কোৱা হৈছে ।

উল্লেখ্য যে ৭ মাহৰ গৰ্ভৱতী কবি মধুমিতা শুক্লাক ২০০৩ চনৰ ৯ মে'ত ৰাজধানীৰ পেপাৰমিল কলনীত গুলীয়াই হত্যা কৰা হৈছিল । অভিযুক্ত পাণ্ডে আৰু ৰায়ৰ উপৰিও অমৰমণি ত্ৰিপাঠী, তেওঁৰ পত্নী মধুমণি ত্ৰিপাঠী আৰু ভতিজাক ৰোহিত মণি ত্ৰিপাঠীক গোচৰটোৰ অভিযুক্ত আছিল ।

প্ৰথমে গোচৰটো আৰক্ষীয়ে তদন্ত কৰিছিল আৰু চিবিচিআইডিৰ দ্বাৰা ২০ দিনৰ তদন্তৰ পাছত চৰকাৰে গোচৰটো চিবিআইক হস্তান্তৰ কৰিছিল । চিবিআইয়ে অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নী মধুমণিক দোষী সাব্যস্ত কৰি আদালতত অভিযোগনামা দাখিল কৰিছিল । মধুমিতাৰ ভগ্নীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু গোচৰটো লক্ষ্ণৌৰ পৰা দিল্লী বা তামিলনাডুলৈ স্থানান্তৰ কৰিবলৈ আবেদন কৰিছিল । ২০০৭ চনৰ ২৪ অক্টোবৰত ডেৰাডুন সত্ৰ আদালতে ৫ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে ।

লগতে পঢ়ক :RJD President Lalu Yadav : শুকুৰবাৰে উচ্চতম ন্যায়ালত লালু প্ৰসাদ যাদৱৰ আবেদনৰ শুনানি

ABOUT THE AUTHOR

...view details