নিউজ ডেস্ক , ৭ জানুৱাৰী:উত্তৰ প্ৰদেশত নৃশংস হত্য়াকাণ্ড । ৰাজ্য়খনৰ মাও জিলাৰ মুহম্মদাবাদ গৌহনা ব্লকৰ প্ৰাক্তন সভাপতি অজিত সিঙক নৃশংসভাৱে গুলীয়াই হত্য়া কৰা হয় । বুধবাৰে নিশা বিভুতিখণ্ড থানাৰ অন্তৰ্গত কথাউতা অঞ্চলত সংঘটিত এই ঘটনাত অজিত সিঙৰ সহযোগীসহ আন এজন লোক আহত হয় ।
লক্ষ্ণৌৰ আৰক্ষী আয়ুক্ত ডি কে ঠাকুৰে সংবাদমাধ্য়ৰ আগত জনোৱা মতে নিশা প্ৰায় ৮.৪৫ বজাত বাইকেৰে অহা তিনি অস্ত্ৰধাৰী দুৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে । দুৰ্বৃত্তৰ দলটোৰ গুলিত মৃত্য়ু হয় অজিত সিঙৰ । লগতে এই ঘটনাত তেওঁৰ সহযোগী মোহৰ সিং আৰু ঘটনাৰ সময়ত সেই অঞ্চলৰে পাৰ হৈ যোৱা আকাশ নামৰ সামগ্ৰী ডেলিভাৰি দিবলৈ যোৱা এজন যুৱকো আহত হয় । দুয়োগৰাকী আহত সম্প্ৰতি সংকটমুক্ত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্য়াহত থকাৰ মাজতে আন এক ৰহস্য়জনক কথা পোহৰলৈ আহিছে ।