অসম

assam

By

Published : Aug 1, 2021, 4:44 PM IST

ETV Bharat / bharat

মণিপুৰৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গোবিনদাস কন্থৌজামৰ বিজেপিত যোগদান

মণিপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গোবিনদাস কন্থৌজামে দেওবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং আৰু জ্যেষ্ঠ বিজেপি নেতা সম্বিত পাত্ৰৰ উপস্থিতিত মণিপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বিজেপিত যোগদান কৰে ।

Former Manipur Cong chief Govindas Konthoujam
মণিপুৰৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি গোবিনদাস কন্থৌজামৰ বিজেপিত যোগদান

নেশ্যনেল ডেস্ক, ১ আগষ্ট :অহা বৰ্ষত অৰ্থাৎ ২০২২ চনত অনুষ্ঠিত হ'ব মণিপুৰৰ বিধানসভা নিৰ্বাচন (Manipur Assembly election) । তাৰ প্ৰাকক্ষণত এতিয়া নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে সকলো ৰাজনৈতিক দল । নিজৰ স্থিতি শক্তিশালী কৰিবলৈ বিজেপি দলো উঠি পৰি লাগিছে । তেনে সময়তে বিভিন্ন দলৰ নেতা কৰ্মীয়ে যোগদান কৰিছে শাসকীয় দল বিজেপিত ।

এইবাৰ আন এগৰাকী প্ৰভাৱশালী নেতাই যোগ দিলে বিজেপিত । মণিপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি গোবিনদাস কন্থৌজামে (Govindas Konthoujam) দেওবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং(N Biren Singh) আৰু জ্যেষ্ঠ বিজেপি নেতা সম্বিত পাত্ৰৰ (Sambit Patra) উপস্থিতিত মণিপুৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে বিজেপিত যোগদান কৰে ।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে দেওবাৰে সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰক প্ৰশংসা কৰি কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে আৰু শেহতীয়াকৈ অঞ্চলটোৰ পাঁচগৰাকী মন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছে । সেয়ে মণিপুৰেও প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন চৰকাৰক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি দিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ২৮ জুলাইত, ২৬-বিষ্ণুপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ বিধায়ক তথা মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি গোবিনদাস কন্থৌজামে ৰাজ্যিক বিধানসভাৰ পৰা পদত্যাগ কৰিছিল । তেওঁৰ পদত্যাগ পত্ৰ বুধবাৰে বিধানসভাৰ সচিবৰ কাৰ্যালয়ত দাখিল কৰা হৈছিল । ইফালে দেওবাৰে পুৱা টুইটযোগে বিজেপিৰ মুখপাত্ৰ অনিল বালুনীয়ে (Anil Baluni) বিজেপিলৈ কন্থৌজামৰ প্ৰৱেশৰ কথা ঘোষণা কৰে ।

লগতে পঢ়ক :২ আগষ্টত প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিব e-RUPI

ABOUT THE AUTHOR

...view details