নেশ্যনেল ডেস্ক, 18 জুলাই:প্ৰবীণ কংগ্ৰেছ নেতা তথা কেৰালাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমেন চাণ্ডীৰ মৃত্যু ৷ বিগত কেইমাহমান ধৰি বেংগালুৰুৰ ‘চিন্ময়া মিছন হাস্পতালত’ চিকিৎসাধীন হৈ আছিল ওমেন চাণ্ডী ৷ ৭৯ বছৰ বয়সত মৃত্যু হয় প্ৰবীণ কংগ্ৰেছ নেতাগৰাকীৰ ৷ কেৰালা কংগ্ৰেছৰ সভাপতি কে সুধাকৰণে এক টুইটযোগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগৰ কথা উল্লেখ কৰি গভীৰ শোক প্ৰকাশ কৰিছে ৷
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুৱে এতিয়া কেৰালাবাসীৰ লগতে কংগ্ৰেছ দলকো শোকস্তব্ধ কৰি তুলিছে ৷ উল্লেখ্য যে ওমেন চাণ্ডীয়ে 2004-06 আৰু 2011-16 বৰ্ষত দুবাৰকৈ কেৰালাৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰবীণ কংগ্ৰেছ নেতাজনে 1970 চনৰ ৰাজ্যিক বিধানসভা নিৰ্বাচনত 27 বছৰ বয়সত জয়লাভ কৰি বিধায়ক হিচাবে কাৰ্যকাল আৰম্ভ কৰিছিল । পিচত তেওঁ তেতিয়াৰ পৰা একেৰাহে 11 টা নিৰ্বাচনত জয়লাভ কৰিছিল । ওমেন চাণ্ডীয়ে যোৱা পাঁচটা দশক কেৱল তেওঁৰ গৃহ সমষ্টি পুথুপ্পল্লীক প্ৰতিনিধিত্ব কৰিছিল ।