নিউজ ডেস্ক, 21 জুন: বিজেপিয়ে ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ৷ ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মূ হ’ব এন ডি এ প্ৰক্ষেপিত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী (Draupadi Murmu) ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাই ঘোষণা কৰিলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ নাম (NDA presidential candidate)৷
উল্লেখ্য যে, ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী কোন হ’ব তাকে লৈ বিগত প্ৰায় এটা সপ্তাহজুৰি দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছিল ৷ আনকি বিৰোধী দলসমূহে শাৰদ পাৱাৰকে ধৰি কেইবাগৰাকীও দেশৰ আগশাৰীৰ নেতাক ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ আহ্বান জনাইছিল যদিও সকলোৱে এই আহ্বান প্ৰত্যাখ্যান কৰে ৷ অৱশেষত মঙলবাৰে প্ৰাক্তন বিজেপি নেতা তথা প্ৰাক্তন মন্ত্ৰী যশোৱন্ত সিনহাক বিৰোধীয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাবে ঘোষণা কৰে (Presidential candidate of opposition Yashwant Sinha)৷