নেশ্যনেল ডেস্ক, 22 এপ্ৰিল: পুনৰ চৰ্চাত জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক ৷ আটক কৰা হৈছিল নেকি প্ৰাক্তন ৰাজ্যপালগৰাকীক (Satya Pal Malik not detained) ? ৰিলায়েন্স জেনেৰেল ইনচুৰেঞ্চৰ দুৰ্নীতিৰ অভিযোগৰ গোচৰৰ সাক্ষী হিচাবে ২৮ এপ্ৰিলত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআয়ে জেৰাৰ বাবে প্ৰাক্তন ৰাজ্যপালগৰাকীক মতাৰ পিচতে এইবাৰ দিল্লী আৰক্ষীয়ে মালিকক আটক কৰাৰ উৰাবাতৰি প্ৰকাশ হৈছিল (Former Jammu and Kashmir Governor Satya Pal Malik) ৷
ইয়াৰ পিচতে দিল্লী আৰক্ষীৰ ডিচিপি (দক্ষিণ-পশ্চিম) মনোজ চিয়ে (DCP South West of Delhi police Manoj C) কয় যে, "আমি প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকক আটক কৰা নাই (DCP New Delhi South West denies detaining Malik)। তেওঁ তেওঁৰ সমৰ্থকসকলৰ সৈতে আৰ কে পুৰম আৰক্ষী থানালৈ নিজেই আহিছিল (Former governor Satya Pal Malik reaches RK Puram ) ৷ আমি তেওঁক জনাইছো যে তেওঁ নিজৰ ইচ্ছামতে ঘৰলৈ ঘূৰি যাব পাৰে ৷"
শনিবাৰে, নতুন দিল্লীৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক কৃষকে সোমবিহাৰ অঞ্চলত অৱস্থিত প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বাসগৃহত উপস্থিত হয় (Former guv Malik holding meeting at Somvihar )। তেওঁ বাসগৃহত কৃষকসকলৰ সৈতে এখন বৈঠকত মিলিত হৈছিল । তেতিয়া মালিক আৰক্ষী চকীলৈ যাওঁতে কৃষকসকলেও তেওঁৰ সৈতে আৰক্ষী চকীলৈ গৈছিল । আৰক্ষী থানাৰ সন্মুখত কৃষকসকলে চৰকাৰ বিৰোধী শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তুলিছিল ৷