নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: ডিআৰডিঅ' অতিথিশালাত উপস্থিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ আৰু নিলম্বিত সহকাৰী আৰক্ষী পৰিদৰ্শক শচীন ৱেজ । মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ অভিযোগৰ ভিত্তিত অনিল দেশমুখ আৰু শচীন ৱেজক সোধ-পোচৰ বাবে ডিআৰডিঅ' অতিথিশালাত হাজিৰ কৰোৱা হয় । দেশমুখৰ উপৰিও কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা (চিবিআই)য়ে সোমবাৰে দেশমুখৰ দুই ব্যক্তিগত সহায়ক পালাণ্ডে আৰু কুন্দনক জেৰা কৰিছিল ।
ডিআৰডিঅ' অতিথিশালাত উপস্থিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী
মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ অভিযোগৰ ভিত্তিত অনিল দেশমুখ আৰু শচীন ৱেজক সোধ-পোচৰ বাবে ডিআৰডিঅ' অতিথিশালাত হাজিৰ কৰোৱা হয় ।
শেহতীয়াকৈ ভাৰতৰ প্ৰভাৱশালী উদ্যোগপতি মুকেশ আম্বানিৰ ঘৰৰ সন্মুখত বিস্ফোৰক সামগ্ৰী ভৰ্তি এখন বাহন উদ্ধাৰ হৈছিল । এই ঘটনাই দেশজুৰি চাঞ্চল্য বিৰাজ কৰাৰ সময়তে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই (এন আই এ) ঘটনাৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । বিশিষ্ট উদ্যোগপতি গৰাকীৰ ঘৰৰ সন্মুখত উদ্ধাৰ হোৱা বাহনখনৰ গৰাকীৰ তথ্য লাভ কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে । এই ঘটনাৰ ভিত্তিতে শচীন ৱেজকো জেৰা অব্যাহত ৰখা হৈছে । বিগত সপ্তাহত বোম্বে উচ্চ ন্যায়ালয়ে দেশমুখৰ বিৰুদ্ধে প্ৰাথমিক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছিল ।
লগতে পঢ়ক: ত্ৰিপুৰাত ৯০ শতাংশ লোকৰ টীকাকৰণ সম্পূৰ্ণ কৰা হৈছে