অসম

assam

ETV Bharat / bharat

ইডিৰ কাৰ্যালয়ত উপস্থিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ সোমবাৰে প্ৰৱৰ্তন সঞ্চালকালয় (ইডি)ৰ কাৰ্যালয়ত হাজিৰ হয় ৷ বলপূৰ্বক ধন দাবী আৰু দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ সন্দৰ্ভত দেশমুখ ইডিৰ কাৰ্যালয়ত উপস্থিত হ’বলগীয়া হয় ৷

By

Published : Nov 1, 2021, 3:32 PM IST

Former Home Minister Anil Deshmukh appears before ED office
ইডিৰ কাৰ্যালয়ত উপস্থিত প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ :সোমবাৰে মুম্বাইৰ ইডি কাৰ্যালয়ত উপস্থিত হয় মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহ মন্ত্ৰী অনিল দেশমুখ ৷ মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে দেশমুখৰ বিৰুদ্ধে উত্থাপন কৰিছিল ধন দাবী আৰু দুৰ্নীতিৰ অভিযোগ ৷ উক্ত গোচৰৰ তদন্তৰ খাতিৰত ইডিৰ কাৰ্যালয়ত উপস্থিত হ’বলগীয়া হৈছিল প্ৰাক্তন গৃহ মন্ত্ৰীগৰাকী ৷

আনহাতে, উক্ত ঘটনাত জড়িত থকাৰ সন্দেহত কেন্দ্ৰীয় অনুসন্ধান সংস্থাই থানেৰ পৰা এজন দালালক আটক কৰাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাই নতুন মোৰ লোৱা দেখা গৈছে ৷

"মই আদালতক সন্মান কৰোঁ ৷ যাৰ বাবে তদন্তৰ খাতিৰত ইডিলৈ অহাৰ সিদ্ধান্ত লৈছো ৷ কিন্তু মই সুধিব বিচাৰো যে, পৰমবীৰ সিঙে মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কিয় কৰিলে ৷" দেশমুখে অধিবক্তাৰ সৈতে ইডিৰ কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে প্ৰকাশিত এটি ভিডিঅ’ত এনেদৰে কয় ৷

লগতে চাওক:কানপুৰত পুনৰ জিকা ভাইৰাছত আক্ৰান্ত 6

ABOUT THE AUTHOR

...view details