অসম

assam

ETV Bharat / bharat

ইন্ধনৰ মূল্যবৃদ্ধি: মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ - নৰেন্দ্ৰ মোডী

"বৰ্তমান মোডী চৰকাৰৰ অৱস্থা এনেকুৱা যে, ইন্ধনৰ মূল্য(FUEL PRICE) বৃদ্ধি নহ'লেহে ই এক ডাঙৰ খবৰ হয়" । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰক এনেদৰে সমালোচনা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী(RAHUL GANDHI)ৰ ।

Former Congress President Rahul Gandhi's reaction on fuel prices
ইন্ধনৰ মূল্যবৃদ্ধিক লৈ মোডী চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

By

Published : Jun 18, 2021, 12:57 PM IST

নেশ্যনেল ডেস্ক, ১৮ জুন: পুনৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধী (RAHUL GANDHI)ৰ । শুকুৰবাৰে টুইটযোগে ৰাহুল গান্ধীয়ে তাচ্ছিল্য কৰি কয় যে, "বৰ্তমান মোডী চৰকাৰৰ অৱস্থা এনেকুৱা যে, ইন্ধনৰ মূল্য বৃদ্ধি নহ'লেহে ই এক ডাঙৰ খবৰ হৈ পৰে" ।

সমগ্ৰ দেশতে পেট্ৰ'ল-ডিজেল (PETROL-DIESEL)ৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক মাধমাৰ সোধোৱাৰ সময়তে কংগ্ৰেছ নেতাগৰাকীয়ে এনেদৰে সমালোচনা কৰে কেন্দ্ৰীয় চৰকাৰক । উল্লেখ্য যে, যোৱা কেইবামাহো ধৰি ইন্ধনৰ মূল্য বৃদ্ধিক লৈ কংগ্ৰেছে কেন্দ্ৰক সমালোচনা কৰি আহিছে ।

শুকুৰবাৰে পেট্ৰ'লৰ মূল্য পুনৰ ২৬-২৭ পইচা বৃদ্ধি কৰা হৈছে আৰু ডিজেলৰ মূল্য ২৮-৩০ পইচা বৃদ্ধি হৈছে । দেশৰ কেইবাখনো ৰাজ্যত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্যই ১০০ টকাৰো অধিক হৈছে । আনহাতে, প্ৰতি লিটাৰ ডিজেল ৯০ টকাৰো অধিক দৰত অধিক বিক্ৰী হৈছে ।

লগতে পঢ়ক:শেষকৃত্যৰ পূৰ্বে জী উঠিল মৃত শিশু

ABOUT THE AUTHOR

...view details