নেশ্যনেল ডেস্ক, ২ জুলাই: ৯ বছৰ ৯ মাহৰ অন্তত বন্দীত্বৰ জীৱনৰ পৰা ৰেহাই পালে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ঔম প্ৰকাশ চৌটালাই । শনিবাৰে তেওঁক তিহাৰ কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় । শিক্ষক নিযুক্তি কেলেংকাৰীৰ গোচৰত ইণ্ডিয়ান নেশ্যনেল লোক দলৰ নেতাগৰাকীক ১০ বছৰ কাৰাদণ্ড বিহা হৈছিল । দিল্লী কাৰাগাৰৰ সঞ্চালক প্ৰধান সন্দীপ গোৱেলে জানিবলৈ দিয়া মতে, বৰ্ষীয়ান নেতাজনে আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিছে বাবে তেওঁক মুকলি কৰি দিয়া হৈছে ।
ইয়াৰ পূৰ্বে জুন মাহত, ক'ভিড মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দিল্লী চৰকাৰে কাৰাগাৰৰ ভিৰ হ্ৰাস কৰা সিদ্ধান্ত লয় । সেই অনুসৰি ১০ বছৰৰ কাৰাদণ্ডেৰে দণ্ডিত কয়দীক ৯ বছৰ ৬ মাহ সম্পূৰ্ণ হোৱাৰ পিছত বিশেষ ৰেহাই প্ৰদান কৰি মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয় । বিষয়াগৰাকীৰ মতে, ঔম প্ৰকাশ চৌটালাই ইতিমধ্যে ৯ বছৰ আৰু ৯ মাহৰ কাৰাবাস খাটিছে । দিল্লী চৰকাৰৰ নতুন সিদ্ধান্ত মতে, তেওঁ কাৰাগাৰৰ পৰা ওলাই অহাৰ বাবে যোগ্য ।