নেশ্যনেল ডেস্ক, ১৫ ডিচেম্বৰ: যোৱা ৯ ডিচেম্বৰৰ পৰা দক্ষিণ কলকাতাৰ আলীপুৰৰ এখন ব্যক্তিগত চিকিত্সালয়ত চিকিত্সাধীন হৈ থকা প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যক মঙলবাৰে দিনৰ ১১ বজাত চিকিত্সকে ঘৰলৈ যোৱাৰ অনুমতি দিয়ে । হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, 'তেওঁৰ শৰীৰৰ বিভিন্ন পেৰামিটাৰ বৰ্তমান সুস্থিৰ অৱস্থাত আছে । ৰাইলছ টিউব খোল খাই গৈছে । সেয়ে আজি তেওঁক ঘৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে । চিকিত্সক-নাৰ্চৰ এটা দলে তেওঁ এম্বুলেন্সেৰে ঘৰলৈ লৈ যাব ।'
শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভোগাৰ বাবে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছিল । চিকিত্সাৰ সময়ত তেওঁ নিজে মানসিকভাৱে আগবঢ়োৱা সহযোগিতাৰ বাবে কম সময়ৰ ভিতৰতে ক্ৰমাত্ সুস্থ হৈ উঠে । হাস্পতালৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বুদ্ধদেৱ ভট্টাচাৰ্য দীৰ্ঘদিন ধৰি COPDত আক্ৰান্ত হৈ আছিল ।