নেশ্যনেল ডেস্ক, ২২ আগষ্ট : আমি সকলোৱে ৰাণী লক্ষ্মীবাইৰ (Rani Laxmibai) কাহিনী জানো । ঝান্সীৰ ৰাণী লক্ষ্মীবাই, যিয়ে ১৮৫৭ চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহৰ নেতৃত্ব দিছিল । কিন্তু ভাৰতীয় ইতিহাসত আৰু কিছুমান ব্যক্তি আছে যিবোৰ এতিয়া পাহৰণিৰ গৰ্ভত । কিন্তু স্বাধীনতা সংগ্ৰামৰ বাবে তেওঁলোক সমানে গুৰুত্বপূৰ্ণ আছিল ।
এই ব্যক্তিসকলৰ ভিতৰত আন এগৰাকী ৰাণী আছিল, যিয়ে তৰোৱাল তুলি লৈছিল আৰু স্বাধীনতাৰ বাবে যুঁজিবলৈ ইংৰাজ সেনাৰ সন্মুখত জঁপিয়াই পৰিছিল । ভাৰতে ১৯৪৭ চনত স্বাধীনতা লাভ কৰিছিল, কিন্তু ইয়াৰ বীজবোৰ ১৮৫৭ চনৰ ৯টা দশক পূৰ্বে ৰোপণ কৰা হৈছিল । ইয়াৰ অন্যতম গুৰি ধৰোঁতা আছিল ৰামগড়ৰ ৰাণী অৱন্তীবাই (Rani Avantibai ) । যদিও ব্ৰিটিছৰ বিৰুদ্ধে তেওঁৰ বিদ্ৰোহ সম্পূৰ্ণ সফল হ'ব পৰা নাছিল কিন্তু তেওঁৰ যুদ্ধ কৌশলে ভাৰতীয়সকলক ব্ৰিটিছ সাম্ৰাজ্য অন্ত পৰাৰ ইংগিত প্ৰদান কৰিছিল ।
অৱন্তীবাইৰ জন্ম ১৮৩১ চনৰ ১৬ আগষ্টত চিওনি জিলাৰ মানকেহাদী গাঁৱৰ এগৰাকী জমিদাৰ ৰাও জুঝাৰ সিঙৰ ঘৰত হৈছিল । মাক-দেউতাকে এণ্টো বাই নাম দিয়া যুৱতীগৰাকী তৰোৱাল বিদ্যা, ধনুৰ্বিদ্যা, সামৰিক ৰণনীতি, কূটনীতি আৰু যুদ্ধ কৌশলৰ বাবে পৰিচিত আছিল । তেওঁ ১৮৪৮ চনত ৰামগড়ৰ ৰাজ পৰিয়ালত বিবাহপাশত আৱদ্ধ হৈছিল, য'ত তেওঁক অৱন্তীবাই নাম দিয়া হৈছিল ।
১৮৫১ চনত ৰামগড় ৰাজ্যৰ ৰজা তথা অৱন্তীবাইৰ শহুৰেক লক্ষ্মণ সিং লোধিৰ মৃত্যু হয় আৰু ৰাজকুমাৰ তথা অৱন্তীবাইৰ স্বামী বিক্ৰমাদিত্য সিং লোধিক ৰামগড় ৰাজ্যৰ ৰজাৰ মুকুট পিন্ধোৱা হয় । কিন্তু তেওঁৰ স্বাস্থ্য সোনকালেই অৱনতি ঘটিছিল আৰু তেওঁ অসুস্থ হ'বলৈ ধৰিছিল । যিহেতু তেওঁলোকৰ দুয়োজন পুত্ৰ অমন সিং আৰু শ্বেৰ সিং তেতিয়াও সৰু আছিল, ৰাণীয়ে ৰাজ্যৰ শাসনভাৰ নিজৰ হাতত লৈছিল ।
কিন্তু ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰিকল্পনা কিছু বেলেগ আছিল । ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ কুখ্যাত 'ডকত্ৰিন অৱ লেপছ'ৰ অধীনত ইখনৰ পাছত আন এখন ৰাজ্য তেওঁলোকৰ দখলত ল'বলৈ আৰম্ভ কৰিছিল । ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল লৰ্ড ডালহৌছিয়ে প্ৰস্তুত কৰা এই নীতি অনুসৰি যিবোৰ ৰাজ্যৰ উত্তৰাধিকাৰী নাই অথবা শাসনৰ বাবে স্পষ্টভাৱে অক্ষম আছিল সেইসমূহ ৰাজ্যত ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰশাসকসকলক নিযুক্তি দিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল ।
বিক্ৰমাদিত্য সিং লোধিৰ দুয়োটা পুত্ৰই যিহেতু সৰু সেয়ে তেওঁলোকে শাসন কৰিবলৈ অক্ষম আছিল । যাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ৰামগড় দখল কৰাৰ সুযোগত আছিল । তেওঁলোকে অৱন্তীবাইক শাসক হিচাপে স্বীকৃতি দিবলৈ অস্বীকাৰ কৰিছিল আৰু ৰাজ্যত এজন প্ৰশাসক নিযুক্ত দিছিল । ইংৰাজৰ এই অপমানজনক সিদ্ধান্তত ক্ষুব্ধ হৈ ৰাণীয়ে প্ৰশাসকক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ে আৰু ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে ।