অসম

assam

ETV Bharat / bharat

উত্তৰাখণ্ডৰ বনজুই নিয়ন্ত্ৰণ কৰিবলৈ দুখনকৈ হেলিকপ্টাৰ প্ৰেৰণ কেন্দ্ৰৰ

উত্তৰাখণ্ডৰ বনজুই নিয়ন্ত্ৰণৰ বাবে হেলিকপ্টাৰ প্ৰেৰণ কৰে কেন্দ্ৰই ৷ ৰাজ্যখনৰ গাড়ৱাল আৰু কুমাও অঞ্চলৰ অৰণ্যত 40 টা সক্ৰিয় অগ্নিস্থান আছে, য’ত অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে নাইনিতাল, আলমোৰা, তেহৰী আৰু পাউৰী জিলা ৷

Forest fires flare up in Uttarakhand
উত্তৰাখণ্ডৰ বনজুই

By

Published : Apr 5, 2021, 2:03 PM IST

নেশ্যনেল ডেস্ক,5 এপ্ৰিল : বিগত দুদিন ধৰি উত্তৰাখণ্ডত হোৱা বনজুই নিয়ন্ত্ৰণৰ হেতু দেওবাৰে দুখনকৈ হেলিকপ্টাৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে ৷

চৰকাৰী বিষয়ববীয়াই সদৰি কৰা মতে, ৰাজ্যখনৰ গাড়ৱাল আৰু কুমাও অঞ্চলৰ অৰণ্যত 40 টা সক্ৰিয় অগ্নিস্থান আছে, য’ত অধিক পৰিমাণে নাইনিতাল, আলমোৰা, তেহৰী আৰু পাউৰী জিলাত অধিক পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে ৷

উত্তৰাখণ্ডৰ বনজুই

চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে ৰাজ্যখনত বনজুইৰ ফলত মুঠ 1,292 হেক্টৰ মাটি প্ৰভাৱিত হৈছে আৰু মুঠ 983 টা বনজুইৰ ঘটনা সংঘটিত হৈছে ৷

ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বনজুইৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰিছিল ৷ অৱশেষত কেন্দ্ৰই ৰাজ্যখনত দুখনকৈ হেলিকপ্টাৰ প্ৰেৰণ কৰে ৷ গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে হেলিকপ্টাৰ প্ৰেৰণৰ কথা অৱগত কৰে ৷

আনহাতে, মুখ্যমন্ত্ৰী ৰাৱটে পৰিস্থিতি নিয়ন্ত্ৰণৰ উপায় সন্দৰ্ভত বন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ জ্যেষ্ঠ বিষয়া আৰু সকলো জিলা দণ্ডাধীশৰ সৈতে জৰুৰীকালীন বৈঠকত মিলিত হয় ৷ তেওঁ জনোৱা মতে, ইতিমধ্যে 1,300 টা অগ্নি নিৰ্বাপক কেন্দ্ৰত 12,000 বনকৰ্মী মোতায়েন কৰা হৈছে ৷

কেন্দ্ৰই প্ৰেৰণ কৰা দুয়োখন হেলিকপ্টাৰ ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু হেলিকপ্টাৰ দুখনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ৰাৱটে ৷ পৰিকল্পনা অনুসৰি এখন হেলিকপ্টাৰ গৌচৰত ৰখা হ’ব, যিয়ে শ্ৰীনগৰৰ পৰা পানী সংগ্ৰহ কৰিব ৷ আনহাতে, আনখন হেলিকপ্টাৰ হাল্ডৱানীত ৰখা হ’ব, যিয়ে বনজুই নিয়ন্ত্ৰণ কৰিবলৈ ভীমতল হ্ৰদৰ পৰা পানী সংগ্ৰহ কৰিব ৷

বন বিভাগৰ বিষয়াসকলক পৰিস্থিতিৰ ওপৰত তীব্ৰ নজৰ ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ ৰাজ্যখনত বনজুইৰ ঘটনা বৃদ্ধি হোৱাৰ এক মুখ্য কাৰণ হৈছে- শীতকালত বৰষুণৰ অভাৱ । চলিত বৰ্ষত শীতৰ সময়চোৱাত বৰষুণ স্বাভাৱিকতকৈ কম আছিল বুলি মুখ্যমন্ত্ৰী ৰাৱটে সদৰি কৰে ৷

লগতে পঢ়ক :আজি ছত্তিশগড়ৰ মাওবাদী আক্ৰমণৰ স্থান পৰিদৰ্শন কৰিব অমিত শ্বাহে

ABOUT THE AUTHOR

...view details