নেচনেল ডেস্ক, 27 ডিচেম্বৰ :দুদিনীয়া ভ্ৰমণসূচী লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ কাটাৰ ভ্ৰমণৰ কাৰ্যসূচী ৷ ভ্ৰমণৰ সময়ছোৱাত কাটাৰৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী শ্বেইখ মহম্মদ বিন আব্দুল ৰহমান আৰু অন্য বিশেষ ব্যক্তি সকলৰ সৈতে জয়শংকৰ বৈঠকত মিলিত হ'ব ৷
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জয়শংকৰৰ এই দুদিনীয়া কাটাৰ ভ্ৰমণ কাৰ্যসূচী সম্পৰ্কে ঘোষণা কৰিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে , "কাটাৰলৈ কৰা এই ভ্ৰমণ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে এছ জয়শংকৰৰ প্ৰথম ভ্ৰমণ হ'ব ৷ এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ কাটাৰৰ বৈদেশিক মন্ত্ৰী গৰাকীৰ সৈতে দ্বিপাক্ষিক বিষয়ৰ লগতে কিছুমান উমৈহতীয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়বস্তুক লৈও আলোচনাত মিলিত হ'ব ৷