নিউজ ডেস্ক, ৩০ এপ্ৰিল :কৰ্ণাটকৰ সমাগত বিধানসভা নিৰ্বাচনৰ (Karnataka election 2023) পৰিপ্ৰেক্ষিতত উদুপীত এক নিৰ্বাচনী ৰেলী সম্বোধন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, "৭০ বছৰ ধৰি কংগ্ৰেছ দলে ৰাম মন্দিৰৰ প্ৰশ্নত আবদ্ধ হৈ আছিল । এই প্ৰসংগটো ওলোমাই ৰাখিছিল । বিষয়টো বিপথে পৰিচালিত কৰিছিল (Amit Shah Slams Congress on Ram Mandir issue) । আদালতৰ ৰায়ৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ ভেটি স্থাপনৰ কাম কৰিছিল ।" কৰ্ণটাকৰ নিৰ্বাচনী প্ৰচাৰত পুনৰ ৰাম মন্দিৰৰ প্ৰসংগ টানি আনি কংগ্ৰেছক তীব্ৰ সমালোচনাৰে তেওঁ লগতে কয় যে, ৰাম মন্দিৰ মন্দিৰৰ নিৰ্মাণকাৰ্য ২০২৪ চনত সম্পূৰ্ণ হ'ব (Amit Shah on Karnataka election campaigns) ।
অমিত শ্বাহে কয়, "২০২৪ চনত অযোধ্যাত ৰামৰ জন্ম হোৱা একে ঠাইতে শ্ৰীৰামৰ এটা বিশাল মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব (Ram Mandir on Ayodhya) ।" তেওঁ লগতে উল্লেখ কৰে যে, ভোট বেংকৰ ৰাজনীতিৰ লোভৰ বাবে কংগ্ৰেছে ৰাজ্যখনত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (Popular Front of India, PFI) কেডাৰসকলক শক্তিশালী কৰিছে ।
"ৰাজ্যখনত কংগ্ৰেছ শাসনলৈ অহাৰ সময়ত তেওঁলোকে পিএফআই কেডাৰসকলক শক্তিশালী কৰিছিল । কিন্তু যেতিয়া আমাৰ চৰকাৰ আহে, আমি আমাৰ দেশক সুৰক্ষিত কৰিবলৈ পিএফআইক নিষিদ্ধ কৰোঁ (BJP blams congress on PFI issue) । কংগ্ৰেছ দলে ভোট বেংকৰ ৰাজনীতিৰ বাবে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সৈতেও আপোচ কৰিব পাৰে ।" তেওঁ কয় ।