নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ :বিহাৰৰ পাটনা বিমানবন্দৰত মঙলবাৰে সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ (Tense situation in Patna Airport)। বিমানবন্দৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অসন্তুষ্ট একাংশ যাত্ৰী । ঘণ্টা ঘণ্টা ধৰি অপেক্ষা কৰোৱাই অৱশেষত বিমান বাতিলৰ ঘোষণা কৰাত উত্তেজিত হৈ পৰে যাত্ৰীসকল ।
উল্লেখ্য যে, প্ৰতিদিনে ফ্লাইবিগৰ এখন বিমান পাটনাৰ পৰা গুৱাহাটীলৈ উৰা মাৰে (Patna to Guwahati Flybig flight) । মঙলবাৰেও পাটনা বিমানবন্দৰৰ পৰা গুৱাহাটীলৈ Flg219 নম্বৰৰ বিমানখন উৰা মৰাৰ কথা আছিল । কিন্তু মঙলবাৰে বিমানখন বাতিল কৰা হয় । সন্ধিয়া উৰা মৰাৰ পূৰ্বে কাৰিকৰী বিজুতিৰ বাবে বিমানখন বাতিল কৰা হয় (Patna to Guwahati Flybig flight cancelled)। বিমানখনত ৬৬ গৰাকী যাত্ৰী গুৱাহাটীলৈ অহাৰ কথা আছিল ।
জানিব পৰা মতে বৰ্ডিং পাছ পোৱাৰ পাছত, সকলো যাত্ৰীকে কেইবা ঘণ্টা ধৰি অপেক্ষা কোঠাত বহিবলৈ দিয়া হৈছিল । বিমানখনৰ ইঞ্জিনৰ পৰা ইন্ধন লিক হৈ আছিল আৰু সেইকাৰণে পাইলটজনে বিমানখন উৰাব নোৱাৰিলে (Fuel Leak from Flybig flight in Patna)। এই তথ্য কেইঘণ্টামান পাছতহে যাত্ৰীসকলক অৱগত কৰোৱা হয় । যাৰ বাবে ক্ষোভিত হৈ পৰে যাত্ৰীসকল ।