নেশ্যনেল ডেস্ক, 20 জানুৱাৰী: বিশ্বৰ প্ৰথমটো সম্পূৰ্ণ সৌৰ শক্তিৰে পৰিচালিত বিমানবন্দৰ হিচাপে কেৰালাৰ ক'চিন ইণ্টাৰনেচনেল এয়াৰপ'ৰ্ট লিমিটেডক ঘোষণা কৰা হৈছে ৷ দেওবাৰে এই বৃহৎ সৌৰ শক্তি প্ৰকল্পটোৰ কাম আৰম্ভ কৰা হয় ৷ 40 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা থকা এই বৃহৎ প্ৰকল্পটোৰ কাম হাতত লৈছে এটা ফৰাচী কাৰিকৰী প্ৰতিষ্ঠানে ৷
উল্লেখ্য যে,ভাৰতত প্ৰথম বাৰৰ বাবে 2 কোটি টকা ব্যয় সাপেক্ষে কেৰালাত এই বৃহৎ প্ৰকল্পটো আৰম্ভ কৰা হৈছে ৷ এয়াৰপ'ৰ্টটোত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক বিজ্ঞান প্ৰযুক্তি ৷ যাৰ জৰিয়তে বায়ু প্ৰদূষণৰ পৰা আৰম্ভ কৰি প্ৰকৃতি সুৰক্ষালৈকে সকলো দিশ সামৰি লোৱা হৈছে ৷