নিউড ডেস্ক, 26 ডিচেম্বৰ : বিগত প্ৰায় তিনিদিন ধৰি ফ্ৰান্সৰ ভাট্ৰি বিমানবন্দৰত আবদ্ধ হৈ থকানিকাৰাগুয়া অভিমুখী বিমানখন অৱশেষত মুম্বাইত উপস্থিত হয় ৷ মঙলবাৰে পুৱা 4 বজাত বিমানখন মুম্বাইত অৱতৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, মানৱ সৰবৰাহ কৰাৰ সন্দেহত ফ্ৰান্সত তিনিদিনকৈ আবদ্ধ কৰি ৰখা হৈছিল বিমানখনক ৷ য’ত 303 জন যাত্ৰী আছিল ৷ সেই যাত্ৰীসকলৰ ভিতৰত বেছিভাগে আছিল ভাৰতীয় ৷
আজি এয়াৰবাছ A340 নামৰ বিমানখন ফ্ৰান্সৰ পৰা মুম্বাইত অৱতৰণ কৰাৰ পাচতে মুম্বাইৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, বৰ্তমান বিমানখনত 276 জন যাত্ৰী আছে ৷ এই সন্দৰ্ভত ফৰাচী কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি, মুম্বাইলৈ উৰা মৰাৰ সময়ত বিমানখনত 276 জন যাত্ৰী আছিল ৷ কিয়নো দুজন নাবালকসহ 25 জন ব্যক্তিয়ে আশ্ৰয়ৰ বাবে আবেদন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু বৰ্তমানেও তেওঁলোক ফ্ৰান্সতে আছে ৷
উল্লেখ্য যে, ৰোমানিয়ান চাৰ্টাৰ কোম্পানী লেজেণ্ড এয়াৰলাইনছৰ দ্বাৰা পৰিচালিত বিমানখন বৃহস্পতিবাৰে ডুবাইৰ পৰা উৰা মাৰিছিল নিকাৰাগুয়ালৈ ৷ কিন্তু কিছু কাৰিকৰী অসুবিধাৰ বাবে ফ্ৰান্সৰ ভাট্ৰি বিমান বন্দৰত অৱতৰণ কৰিছিল বিমানখন ৷ তেতিয়াই ফৰাচী আৰক্ষীয়ে হস্তক্ষেপ কৰিছিল । কিয়নো সন্দেহজনক মানৱ সৰবৰাহৰ সন্দেহ ওপজিছিল বিমান কৰ্তৃপক্ষৰ ৷