নেশ্যনেল ডেস্ক, 15 জানুৱাৰী:ইটোৰ পিছত সিটো বিপদে লগ নেৰা হৈছে ইণ্ডিগ’ বিমানসেৱাক ৷ বিগত কেইবামাহ ধৰি ইণ্ডিগ’ বিমান সেৱাত ঘটি অহা বহুকেইটা আজৱ ঘটনাই প্ৰায় প্ৰতিদিনেই বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ এইবাৰ এগৰাকী যাত্ৰীৰ চিকিৎসাজনিত কাৰণত জৰুৰীকালীনভাৱে ইন্দোৰ বিমানবন্দৰত আদবাটতে ইণ্ডিগ’ বিমান এখন অৱতৰণ কৰিব লগা হয় (IndiGo flight lands at Indore airport)৷
বিমানখনৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা অনুসৰি শনিবাৰে সন্ধিয়া মাদুৰাইৰ পৰা দিল্লীলৈ যোৱা এখন ইণ্ডিগ' বিমানত এগৰাকী 60 বছৰীয়া যাত্ৰীৰ হঠাৎ স্বাস্থ্যৰ অৱনতি হোৱাত জৰুৰীকালীনভাৱে ইন্দোৰ বিমান বন্দৰত অৱতৰণ কৰে ৷ বিমানখন ইন্দোৰৰ দেৱী অহোল্যাবাই হোলকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Devi Ahilyabai Holkar international airport) অৱতৰণ কৰাৰ পিছতে যাত্ৰীগৰাকীক বিমানবন্দৰৰ ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল ৷ তাৰ পিছতে চিকিৎসকে তেখেতক মৃত বুলি ঘোষণা কৰে ৷
প্ৰাৰম্ভিক তথ্য অনুসৰি, ইণ্ডিগ’ এয়াৰলাইনছৰ বিমান ৬ই-২০৮৮ত থকা অতুল গুপ্তা (৬০) নামৰ যাত্ৰী গৰাকীৰ মুখৰ পৰা ৰক্তক্ষৰণ হৈছিল ৷ যাত্ৰাৰ মাজতে তেওঁৰ শৰীৰৰ অৱস্থাৰ অৱনতি ঘটে ৷ লগে লগে বিমানখনৰ কৰ্তৃপক্ষই যাত্ৰীগৰাকীৰ চিকিৎসাজনিত কাৰণত জৰুৰীকালীন অৱস্থাত মাদুৰাই-দিল্লী বিমানখন ইন্দোৰতে অৱতৰণ কৰায় (Passenger dies in IndiGo flight)৷
স্মৰ্তব্য যে গুপ্তা হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ ৰোগত ভুগি আছিল ৷ লোকজনক ভৰ্তি কৰাৰ পিছত সন্ধিয়া প্ৰায় 6.40 বিমানখন পুনৰ গন্তব্যস্থানলৈ উৰা মাৰে ৷ এৰোড্ৰম আৰক্ষী থানাৰ (Aerodrome police station)এজন উপ-পৰিদৰ্শকে কৈছিল যে মৃত গুপ্তা নয়ডাৰ বাসিন্দা আছিল ৷ মৰণোত্তৰ পৰীক্ষাৰ পিছত লোকজনৰ মৃতদেহ আত্মীয়সকললৈ হস্তান্তৰ কৰা হ'ব ৷