নেশ্যনেল ডেস্ক, 9 জুলাই :হিমাচল প্ৰদেশৰ চিমলা জিলাৰ পানেৱালী গাঁৱত প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত ঘৰ ভাগি 3 গৰাকীৰ মৃত্যু হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ইতিমধ্যে হিমাচলৰ 7 খন জিলালৈ ৰেড এলাৰ্ট জাৰি কৰা হৈছে ৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে ৰেড এলাৰ্ট জাৰি কৰি প্ৰবল বৰষুণৰ সম্ভৱনাৰ কথা প্ৰকাশ কৰে । দেওবাৰৰ পুৱতি নিশা লাহাউল আৰু স্পিতিৰ গ্ৰামফু গাঁও আৰু চোটা ধৰা অঞ্চলত বানপানী আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ।
জিলা জৰুৰীকালীন অভিযান কেন্দ্ৰ লাহাউল স্পিটিয়ে জনোৱা মতে, গ্ৰামফুৰ পৰা ছোটা ধৰালৈকে বিভিন্ন স্থানত আৱদ্ধ হৈ থকা AEC BRO 94 RCC, NH 505 (Sumdo Kaza-Gramphu)ৰ কাষেৰে কৃত্ৰিম বানপানী আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে ৷ ৰাজ্যখনৰ জৰুৰীকালীন সঞ্চালন চেণ্টাৰ (HPSEOC)ৰ আনুষ্ঠানিক এক বিবৃতিযোগে ভূমিস্খলনৰ ফলত পথত আৱদ্ধ হৈ পৰা 30 জনীয়া কলেজীয়া শিক্ষাৰ্থীৰ এটা দলক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে । স্পিটিৰ পৰা মানালীলৈ ভৱনা ট্ৰেভেলাৰৰ দুখন বাছত কলেজীয়া শিক্ষাৰ্থীসকলে আহি থাকোতে আৱদ্ধ হৈ পৰা বুলি কয় বিবৃতিখনত ৷