অসম

assam

ETV Bharat / bharat

৫হাজাৰ শ্ৰমিক লৈ কেৰালাৰ পৰা বিহাৰলৈ যাত্ৰা পাঁচখনকৈ ৰেলৰ - লকডাউন

কেৰালাৰ পৰা পাঁচখনকৈ ৰেলৰ সহায়ত বিহাৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে ৫,৭০০ গৰাকী শ্ৰমিকে । প্ৰতিখন ৰেলতে ১,১৪০ গৰাকী যাত্ৰী সন্নিৱিষ্ট কৰা হৈছে আৰু সামাজিক দূৰত্ব পালন কৰাৰ লগতে মাস্ক, ছেনিটাইজাৰ আৰু চাবোন প্ৰদান কৰা হৈছে ।

৫হাজাৰ শ্ৰমিক লৈ কেৰালাৰ পৰা বিহাৰলৈ যাত্ৰা পাঁচখনকৈ ৰেলৰ
৫হাজাৰ শ্ৰমিক লৈ কেৰালাৰ পৰা বিহাৰলৈ যাত্ৰা পাঁচখনকৈ ৰেলৰ

By

Published : May 4, 2020, 11:56 AM IST

Updated : May 12, 2022, 10:54 PM IST

নিউজ ডেস্ক, ৪ মে' :দেশব্যাপী লকডাউন বঢ়াই দিয়াৰ মাজতে ৰাজ্য চৰকাৰসমূহে বহিঃৰাজ্য়ত আৱদ্ধ হৈ থকা শ্ৰমিকসকলক নিজ নিজ ৰাজ্যলৈ ওভোটাই আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । বিগত ১ মে'ৰ পৰাই চৰকাৰে আৰম্ভ কৰিছে শ্ৰমিক ৰেল সেৱা । এনে অৱস্থাত বিহাৰৰ প্ৰায় ৫,৭০০ শ্ৰমিকক নিজ ৰাজ্যলৈ প্ৰেৰণ কৰে কেৰালা চৰকাৰে । কেৰালাৰ পৰা ৫খনকৈ বিশেষ ৰেলেৰে এইসকল শ্ৰমিকক বিহাৰলৈ পঠিওৱা হয় ।

এৰ্নাকুলামৰ পৰা বাৰুনি আৰু মুজাফৰপুৰলৈ দুখন, থ্ৰিচুৰৰ পৰা দাৰভাংগালৈ এখন, কাজিকোড়ে আৰু কান্নুৰৰ পৰা কাটিহাৰ আৰু সাহৰ্চালৈ ৰেলগাড়ীকেইখনে যাত্ৰা আৰম্ভ কৰিছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা সামাজিক দূৰত্বৰ নিয়ম পালন কৰি প্ৰতিখন ৰেলগাড়ীত ১,১৪০ গৰাকীকৈ যাত্ৰীক প্ৰেৰণ কৰা হৈছে । এই যাত্ৰীসকলক মাস্ক, ছেনিটাইজাৰ আৰু চাবোন প্ৰদান কৰা হৈছে যাতে যাত্ৰাকালত পৰিস্কাৰ পৰিচ্ছন্নতা অখুন্ন ৰাখিব পাৰে । বিগত ২ মে'তো সমসংখ্যক শ্ৰমিকক কেৰালাৰ পৰা বিহাৰ, উৰিষ্যা আৰু ঝাৰখণ্ডলৈ প্ৰেৰণ কৰা হৈছিল ।

লগতে পঢ়কঃমহাৰাষ্ট্ৰত এদিনতে 678 গৰাকীলৈ বৃদ্ধি COVID-19 ত আক্ৰান্তৰ সংখ্যা

Last Updated : May 12, 2022, 10:54 PM IST

ABOUT THE AUTHOR

...view details