নিউজ ডেস্ক, 30 নৱেম্বৰ: অন্ত পৰিল পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ৷ যোৱা 7 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া 30 নৱেম্বৰৰ বিয়লি 5 বজাত অন্ত পৰে ৷ অহা 3 ডিচেম্বৰত পাঁচোখন ৰাজ্যৰ ভোট গণনা আৰু ফলাফল ঘোষণা হ’ব একেলগে ৷ ভোটদান প্ৰক্ৰিয়া অন্ত পৰাৰ লগে লগেই সমীক্ষা সংস্থা সমূহে প্ৰকাশ কৰিছে নিৰ্বাচনী সমীক্ষা ৷ কোন কোন সংস্থাই কিদৰে কৰিছে ভোট বিন্যাস ? সেই বিষয়ে জনাৰ আগতে আহক এবাৰ বুজ লওঁ নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচখন ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ ৷
নিৰ্বাচন অনুষ্ঠিত হোৱা পাঁচ ৰাজ্য হৈছে ক্ৰমে মিজোৰাম, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান আৰু তেলেংগানা ৷ ইয়াৰ ভিতৰত এখন ৰাজ্য বিজেপি শাসিত, দুখন কংগ্ৰেছ শাসিত ৷ মধ্যপ্ৰদেশ বিজেপিৰ দখলত থকাৰ বিপৰীতে ৰাজস্থান আৰু ছত্তীশগড়ত আছে কংগ্ৰেছৰ চৰকাৰ ৷ মিজোৰামত মিজো নেশ্যনেল ফ্ৰন্টৰ সৈতে 1 খন আসনেৰে মিত্ৰতাত আছে বিজেপি ৷ ইফালে তেলেংগানা শাসন কৰি আছে বি আৰ এছে ৷
এইবাৰ নিৰ্বাচনত কোনে শেষ হাঁহি মাৰিব ? এক্সিট প’লে কি কয় ? বিজেপিয়ে কংগ্ৰেছ মুক্ত ভাৰত গঢ়িব পাৰিবনে ? কংগ্ৰেছৰ ‘বিজেপি হাটাও’ শ্ল’গানে কাম দিবনে ? কে চি আৰৰ কি হ’ব ? প্ৰকাশিত এক্সিট প’লত বিভিন্ন সংস্থাই বিভিন্ন ধৰণেৰে পৰ্যবেক্ষণ আগবঢ়োৱা দেখা গৈছে ৷
মিজোৰাম বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল:
মিজোৰামৰ মুঠ বিধানসভাৰ আসনৰ সংখ্যা 40 খন আৰু একক সংখ্যা গৰিষ্ঠতাৰ বাবে প্ৰয়োজন 21 খন আসন ৷ 7 নৱেম্বৰত অনুষ্ঠিত হৈছিল মিজোৰামৰ ভোটগ্ৰহণ ৷
ইণ্ডিয়া টুডে’-এক্সিছৰ মতে মিজোৰামত পুনৰ ক্ষমতালৈ আহিব মিজো নেশ্যনেল ফ্ৰন্ট ৷ তেওঁলোকে MNF ক 16 খন, কংগ্ৰেছক 11 খন আৰু অন্যান্যক 1 খন আসন দিছে ৷ বিজেপিয়ে এখনো আসনত জয়ী নহয় বুলি দাবী কৰে এই এক্সিট প’লে ৷
এবিপি-চি ভোটাৰৰ মতে মিজোৰামত মিজো নেশ্যনেল ফ্ৰন্টে 15-21 খন, জোৰাম পিপলচ্ মুভমেন্টে 12-18 খন, কংগ্ৰেছে 2-8 খন, অন্যান্য 0-5 খন ৷
জন কী বাতৰ সমীক্ষা মতে, মিজো নেশ্যনেল ফ্ৰন্টে 10-14 খন, জোৰাম পিপলচ্ মুভমেন্টে 15-25 খন, কংগ্ৰেছে 5-9 খন, বিজেপিয়ে 0-2 খন আসন লাভ কৰিব ৷
ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল:
ছত্তীশগড়ৰ মুঠ বিধানসভা আসনৰ সংখ্যা হৈছে 90 খন আৰু সংখ্যা গৰিষ্ঠতা লাভৰ বাবে প্ৰয়োজন 46 খন ৷ যোৱা 7 আৰু 17 নৱেম্বৰত অনুষ্ঠিত হৈছিল ছত্তীগড় বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ ৷
ইণ্ডিয়া টুডে’-এক্সিছৰ সমীক্ষা মতে ছত্তীশগড়ত কংগ্ৰেছে 40-50, বিজেপি 36-46, অন্যান্য 1-5 খন আসন লাভ কৰিব ৷
টাইমছ নাওৰ সমীক্ষাত দেখা গৈছে যে কংগ্ৰেছ 48-56, বিজেপি 32-40 আৰু অন্যান্য 2-4 খন আসন পাব ৷
এবিপি-চি ভোটাৰৰ সমীক্ষা মতে কংগ্ৰেছে 41-53 আৰু বিজেপিয়ে 36-48 খন আসন লাভ কৰিব ৷
ইণ্ডিয়া টিভিৰ মতে, কংগ্ৰেছে 46-56 আৰু বিজেপিয়ে 30-40 খন আসন লাভ কৰিব ৷
জন কী বাতৰ সমীক্ষা মতে কংগ্ৰেছ 42-53, বিজেপি 34-45 আৰু অন্যান্যই তিনিখন আসন লাভ কৰিব ৷
টিভি9 ভাৰতবৰ্ষ-প’লষ্টাৰৰ মতে কংগ্ৰেছে 40-50, বিজেপি 35-45 আৰু অন্যান্যই 0-3 খন আসন লাভ কৰিব ৷
মধ্য প্ৰদেশ বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল-
মধ্যপ্ৰদেশ বিধানসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 230 আৰু সংখ্যা গৰিষ্ঠতাৰ বাবে প্ৰয়োজন হ’ব 116 খন আসনৰ ৷ যোৱা 17 নৱেম্বৰত অনুষ্ঠিত হৈছিল মধ্যপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ৷
জন কী বাতৰ সমীক্ষাত দেখা গৈছে যে বিজেপিয়ে মধ্যপ্ৰদেশত 100-123 খন, কংগ্ৰেছে 102-125খন আসন লাভ কৰিব ৷
টিভি9 ভাৰতবৰ্ষ আৰু প’লষ্টাৰৰ মতে বিজেপিয়ে 106-116 খন, কংগ্ৰেছে 111-121 খন আসন লাভ কৰিব ৷
ৰিপাব্লিক মেট্ৰিজৰ মতে বিজেপি 118-130, কংগ্ৰেছ 97-107 আৰু অন্যান্যই 2 খন আসন পাব ৷