নেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ : কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ চহৰখনৰ জিলা কাৰাগাৰ পথৰ এটা পৰিত্যক্ত বাসগৃহত একেটা পৰিয়ালে 5 জন লোকৰ নৰকংকাল উদ্ধাৰ কৰা হৈছে ৷ এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা অনুসৰি, প্ৰায় দহ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছে বাসগৃহটো ৷ এই ঘটনাৰ বিষয়ে অৱগত হৈ ডি.ৱাই.এছ.পি. অনিল কুমাৰে ঘটনাস্থলীত উপস্থিত সমগ্ৰ পৰিস্থিতিৰ বুজ লয় ৷
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি, চিত্ৰদুৰ্গা তালুকৰ দোদ্দাভানাহাল্লিৰ বাসিন্দা জগন্নাথ ৰেড্ডী (80) য়ে নিজ পৰিয়ালৰ সৈতে এই বাসগৃহটোত বাস কৰি আছিল । জগন্নাথ ৰেড্ডীয়ে টুমকুৰ পিডব্লিউডি বিভাগৰ কাৰ্যবাহী অভিযন্তা হিচাপে কৰ্মৰত আছিল। তেওঁ অৱসৰৰ পিচৰেপৰা চিত্ৰদুৰ্গাত বাস কৰিছিল ৷
তেওঁৰ পৰিয়ালটোৱে আচুতীয়াকৈ জীৱন যাপন কৰিছিল ৷ জানিব পৰামতে গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছিল পৰিয়ালটো ৷ পৰিয়ালটোৰ পাঁচজন লোকক শেষবাৰৰ বাবে 2019 চনৰ জুলাইৰ আশে পাশে দেখা গৈছিল ৷ তাৰ পিচৰে পৰা তেওঁলোকৰ বাসগৃহটো পৰিত্যস্ক অৱস্থাত আছিল ৷
আজিৰ পৰা প্ৰায় দুমাহৰ পূৰ্বে পুৱা খোজকাঢ়ি থাকোঁতে, স্থানীয় লোকে লক্ষ্য কৰিছিল যে তেওঁলোকৰ ঘৰৰ কাঠৰ মূল দুৱাৰখন ভাঙি পৰি আছিল ৷ যদিও এই ঘটনাক চুবুৰীয়াই আওকান কৰি আৰক্ষীক অৱগত কৰা নাছিল ৷