গুৱাহাটী, 5 জানুৱাৰী :চুবুৰীয়া ৰাজ্য মেঘালয়ত ধৰা পৰিছে ক’ভিড-19 ৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণত আক্ৰান্ত পাঁচগৰাকী ব্যক্তি ৷ মেঘালয়ত চিনাক্ত হোৱা 5 গৰাকী লোকৰ ভিতৰত এগৰাকী অসমৰ (A man from Assam got infected by Omicron) বুলি জানিব পৰা গৈছে ৷ ৰাজ্যখনৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জেমছ চাংমাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ৰাজ্যখনত মুঠ 5 জন ব্যক্তিৰ শৰীৰত পোৱা গৈছে এই ভাইৰাছ ৷
আক্ৰান্তসকলৰ এগৰাকী পূৱ খাচী পাহাৰৰ ৷ এইগৰাকী অ'মিক্ৰণ আক্ৰান্ত ব্যক্তি উভতি আহিছিল নিউয়ৰ্কৰ পৰা ৷ তদুপৰি এগৰাকী ৰাজধানী দিল্লীৰ পৰা উভতি অহাৰ বিপৰীতে আৰু এগৰাকী অসমৰ পর্যটক বুলি তেওঁ সদৰী কৰিছে ৷
অৱশ্যে মেঘালয়ত কৰা জেন'ম পৰীক্ষাত অ'মিক্ৰণৰ সংক্ৰমণ ঘটা বুলি নিশ্চিত হোৱা অসমৰ এই ব্যক্তিগৰাকী কোন স্থানৰ বাসিন্দা অথবা তেওঁৰ পৰিচয় কি, সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ মেঘালয়ত আক্ৰান্ত আন দুগৰাকী লোক ৰিভ'ই জিলাৰ ছেইডেন গাঁৱৰ ৷ সংবাদ প্ৰতিষ্ঠান ইউ এন আইক স্বাস্থ্যমন্ত্ৰী জেমছে সদৰী কৰা অনুসৰি অ'মিক্ৰণত আক্ৰান্ত আটাইকেইজন ৰোগীয়েই আছিল লক্ষণবিহীন (5 omicron cases in Meghalaya) ৷
সম্প্ৰতি তেওঁলোক হোম আইছ’লেচনত আছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে মণিপুৰত অ'মিক্ৰণত প্ৰথমজন উত্তৰ-পূৰ্বাঞ্চলৰ আক্ৰান্ত ব্যক্তি চিনাক্ত হৈছিল (The first omicron case from North East found in Manipur) ৷ দক্ষিণ আফ্ৰিকাৰ এখন দেশ ভ্ৰমণ কৰি অহা মণিপুৰৰ ব্যক্তিজনৰ শৰীৰত অ'মিক্ৰণৰ সংক্ৰমণ ধৰা পৰাৰ পিছতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে এক শংকাৰ পৰিৱেশ সৃষ্টি হয় ৷