নেশ্যনেল ডেস্ক, 29 আগষ্ট:নৃশংস ! মানুহৰূপী দানৱৰ বৰ্বৰ কাণ্ড ৷ বুকুৰ কুটুমৰ তেজেৰে ৰাঙলী হ’ল পণ্ডিতৰ হাত (Murder case in Uttarakhand) ৷ উত্তৰাখণ্ডৰ ৰাণীপোখৰীৰ নাগাঘেৰ গাঁৱত এক শিহৰণকাৰী হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে (Ranipokhari mass murder) ৷
মহেশ নামৰ এজন লোকে একেলগে নিজৰে পৰিয়ালৰ পাঁচগৰাকী সদস্যক ডিঙি ৰেপি হত্যা কৰা ঘটনাই অঞ্চলটোত ব্যাপক আলোড়নৰ সৃষ্টি কৰিছে (Man killed five of his family members) ৷
সোমবাৰে পুৱাই মহেশৰ বাসগৃহৰ ভিতৰভাগকে ধৰি ঘৰৰ চোতালখন তেজেৰে ৰাঙলী থকাত ওচৰ চুবুৰীয়া হতবাক হয় ৷ লগে লগে ওচৰৰ লোকে মহেশৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁৰ পত্নী, মাতৃকে ধৰি তিনি সন্তানক তেজেৰে লুটুৰি পুটুৰি হৈ থকা অৱস্থাত উদ্ধাৰ কৰে ৷ লগে লগে স্থানীয়ে লোকে এই ঘটনাৰ কথা স্থানীয় আৰক্ষীক অৱগত কৰে ৷
এই খবৰ পোৱা মাত্ৰকে ৰাণীপোখাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা উদ্ধাৰ কৰে ৷ জানিব পৰা মতে মহেশৰ কণিষ্ঠ কন্যাৰ কথমপি প্ৰাণ ৰক্ষা পৰে ৷ কনিষ্ঠা কন্যাগৰাকীয়ে খুড়ীয়েকৰ ঘৰলৈ যোৱাৰ বাবেই হত্যাকাৰী পিতৃৰ হাতৰ পৰা বাচিবলৈ সক্ষম হয় ৷