নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ : দেওবাৰে বিহাৰৰ ঔৰংগাবাদ জিলাৰ এখন নদীত চাৰিগৰাকী কিশোৰী আৰু এজন ৪০ বছৰীয়া ব্যক্তি ডুব যায়(Five drown in river in Bihar) । ৰাজ্যখনৰ ৰাজধানী পাটনাৰ পৰা প্ৰায় ১১০ কিলোমিটাৰ দূৰৰ হামিদনগৰ গাঁৱত সংঘটিত হয় শোকাৱহ ঘটনাটো । ১৩-১৪ বছৰীয়া চাৰিগৰাকী কিশোৰীয়ে পুন পুন নদীত কাপোৰ ধুবলৈ যাওতেই সংঘটিত হয় এই ঘটনা ।
নদীখনত কাপোৰ ধুই থাকোতেই হঠাৎ এগৰাকী কিশোৰী পানীত পৰি যায় । পাৰত থকা আন তিনিগৰাকী কিশোৰীয়ে পানীত পৰা কিশোৰীগৰাকীক উদ্ধাৰৰ চেষ্টা চলাওতেই তেওঁলোকো নদীখনত ডুবি যায় । এই দৃশ্য প্ৰত্যক্ষ কৰি ওচৰতে থকা এগৰাকী লোকে কিশোৰী কেইগৰাকীক উদ্ধাৰ কৰিবলৈ পানীত জাঁপ দিয়ে ।
দুৰ্ভাগ্যবশতঃ উদ্ধাৰ কৰিবলৈ যোৱা লোকজনক কিশোৰীকেইগৰাকীয়ে টানি ধৰাত ডুব যায় ৪০ বছৰীয়া লোকজন । যাৰ ফলত পাঁচোজনৰে সলিল সমাধি ঘটে । স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী এটা দল ।