নিউজ ডেস্ক, ৭ মাৰ্চ :মঙলবাৰে পুৱা প্ৰায় ৯ বজাত হিমাচল প্ৰদেশৰ চোলান জিলাৰ ধৰমপুৰৰ পাঁচ নম্বৰ কালকা-চিমলা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খোজকাঢ়ি গৈ থকা পথচাৰীৰ এটা দলক দ্ৰুতবেগী ইন’ভা টেক্সীয়ে মহতিয়াই নিয়ে (car ploughs into pedestrians in Himachal Pradesh) । যাৰ ফলত কমেও পাঁচজন প্ৰব্ৰজনকাৰী শ্ৰমিক নিহত হয় আৰু চাৰিজন গুৰুতৰভাৱে আহত হয় (5 migrant laborers killed in road accident in HP) ।
মৃত আৰু আহত আটাইকেইজনে কাম কৰিবলৈ গৈ আছিল । তেনে সময়তে গাড়ীখনে তেওঁলোকক খুন্দিয়াই বগৰাই দিয়ে আৰু তাৰ পিচত মহতিয়াই নিয়ে । অৱশ্যে মৃতকৰ পৰিচয় তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই । আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে স্থানীয় কৰ্তৃপক্ষ আৰু দুৰ্ঘটনাটোত আহত হোৱা সহপথচাৰীসকলৰ সৈতে মৃতকৰ পৰিচয় উলিয়াবলৈ চেষ্টা কৰি আছে (car ploughs into migrant laborers in HP) ।
আনহাতে, দুৰ্ঘটনাৰ তথ্য লাভ কৰি ততাতৈয়াকৈ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু ইতিমধ্যে ইনোভা গাড়ীখনৰ চালকজনক আটক কৰা হৈছে । আৰক্ষীয়ে জনোৱা মতে, আহত চাৰিওজনক ধৰমপুৰৰ কমিউনিটি হেল্থ চেণ্টাৰলৈ লৈ যোৱা হৈছে । আঘাতপ্ৰাপ্ত শ্ৰমিকসকলৰ মাজৰ এজনক চিকিৎসকৰ পৰামৰ্শ অনুসৰি উন্নত চিকিৎসাৰ বাবে চণ্ডীগড়ৰ স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানলৈ প্ৰেৰণ কৰা হয় ।
দুৰ্ঘটনাটো সংঘটিত হোৱা টেক্সীখন চোলানৰ পৰা পাৰৱানুলৈ গৈ থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয় । গাড়ীখনে চুক্কি ঝোৰী পাৰ হৈ গৈ থকাৰ সময়তে ৰাস্তাৰ কাষেৰে খোজকাঢ়ি গৈ থকা শ্ৰমিকৰ দলটোৰ ওপৰত উঠে । ঘটনাৰ পিচতে টেক্সী চালকজনৰ লগতে ঘটনাস্থলীত উপস্থিত আন আসকলে জৰুৰীকালীন সেৱাৰ বিষয়াসকলক অৱগত কৰে আৰু আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে ।