অসম

assam

ETV Bharat / bharat

Five knocked down by train in freak mishap : কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত পাঁচজন ব্যক্তি

অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম জিলাত সংঘটিত হৈছে এক দুৰ্ঘটনা ৷ তীব্ৰবেগী কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত প্ৰাণ হেৰুৱাইছে পাঁচজনকৈ লোকে(Five knocked down by train in freak mishap) ৷ ইতিমধ্যে মৃত লোককেইজনৰ ভিতৰত দুজন যাত্ৰী অসমৰ বুলি চিনাক্ত কৰাৰ বিপৰীতে এজন ওড়িশাৰ ব্ৰহ্মপুৰম অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ৷ বাকী দুজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ ঘটনা সন্দৰ্ভত শোকপ্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ জগমোহন ৰেড্ডীয়ে ৷

Five knocked down by train in freak mishap
কোণাৰ্ক এক্সপ্ৰেছৰ খুন্দাত থিতাতে নিহত পাঁচজন ব্যক্তি

By

Published : Apr 12, 2022, 9:13 AM IST

নেশ্যনেল ডেস্ক, 12 এপ্ৰিল :সোমবাৰে নিশা অন্ধ্ৰপ্ৰদেশত সংঘটিত হয় এক দুৰ্ঘটনা ৷ ৰাজ্যখনৰ শ্ৰীকাকুলাম জিলাত এখন ৰে’লে মহতিয়াই নিয়ে কেইবাজনো লোকক ৷ ফলত থিতাতে মৃত্যু ঘটিছে পাঁচজনকৈ লোক(Five died in Srikakulam train accident) ৰ ৷ মৃত লোককেইজন গুৱাহাটী অভিমুখী এখন এক্সপ্ৰেছ ৰে’লৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, লোক কেইজনে যাত্ৰা কৰা গুৱাহাটী অভিমুখী ৰে’লখনৰ সোমবাৰে নিশাৰ ভাগত বাথুৱা নামৰ এখন ঠাইত কাৰিকৰী বিজুতি ঘটে ৷ তাৰপিছত তেওঁলোকে নামি আহে ৰে’লপথৰ মাজলৈকে ৷ তেনে সময়তে বিপৰীত দিশৰ পৰা তীব্ৰবেগত অহা কোণাৰ্ক এক্সপ্ৰেছ নামৰ ৰে’লখনে মহতিয়াই নিয়ে পাঁচজনকৈ লোকক(Five knocked down by train in freak mishap) ৷

ঘটনা সন্দৰ্ভত শ্ৰীকাকুলামৰ জিলা আৰক্ষী অধীক্ষকে সদৰি কৰা অনুসৰি, গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লখনৰ কোনো যাত্ৰীয়ে চেইন টনাৰ ফলত আদবাটতে ৰে’লখন ৰৈ যায় ৷ তেতিয়াই কেইবাজনো ব্যক্তিয়ে ৰে’লখনৰ পৰা নামি ৰে’লপথটো পাৰ হ’বলৈ ধৰোতে মহতিয়াই নিয়ে বিপৰীত দিশৰ পৰা অহা কোণাৰ্ক এক্সপ্ৰেছে ৷ ফলত থিতাতে মৃত্যুবৰণ কৰে পাঁচগৰাকীকৈ লোকে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগমোহন ৰেড্ডীয়ে যাত্ৰীসকলৰ মৃত্যুত শোকপ্ৰকাশ কৰি বিভাগীয় কৰ্তৃপক্ষক পৰিস্থিতিৰ বুজ ল’বলৈ নিৰ্দেশ প্ৰদান কৰে ৷ তদুপৰি মুখ্যমন্ত্ৰী ৰেড্ডীয়ে নিহতৰ লগতে আহতসকলকো সকলো প্ৰকাৰৰ সহায়ৰ হাত আগবঢ়াবলৈ নিৰ্দেশ প্ৰদান কৰে ৷

ইতিমধ্যে মৃত লোককেইজনৰ ভিতৰত দুজন যাত্ৰী অসমৰ বুলি চিনাক্ত কৰা হৈছে ৷ আনহাতে, এজনক ওড়িশাৰ ব্ৰহ্মপুৰম অঞ্চলৰ বাসিন্দা বুলি চিনাক্ত কৰা হৈছে ৷ বাকী দুজনক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ আহতসকলক উন্নত চিকিৎসাৰ বাবে শ্ৰীকাকুলামলৈ প্ৰেৰণ কৰা হৈছে ৷ শ্ৰীকাকুলামৰ জিলা উপায়ুক্তই চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱা বুলি জানিব পৰা গৈছে ৷

লগতে চাওক:VVIP সুৰক্ষাৰ মাজত এখন বিশেষ আমৰ বাগান

ABOUT THE AUTHOR

...view details