নিউজ ডেস্ক, ১৩ মাৰ্চ: শনিবাৰে ৰাজস্থানত সংঘটিত হয় ভয়ানক পথ দুৰ্ঘটনা । ৰাজস্থানৰ বাপ জিলাত ট্ৰেইলাৰ আৰু এখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । ফলত থিতাতে নিহত হয় মহিলাসহ পাঁচজন আৰু আহত হয় বাৰজন লোক । বাছখনত ১৭ গৰাকী পৰ্যটক জয়চালমেৰ অভিমুখে গৈ আছিল । আহত সকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।
ৰাজস্থানৰ পথ দুৰ্ঘটনাত নিহত ৫ - নিহত লোকসকল দিল্লীৰ বাসিন্দা
ৰাজস্থানৰ বাপ জিলাত ট্ৰেইলাৰ আৰু এখন যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষ। ফলত থিতাতে নিহত হয় মহিলাসহ পাঁচজন আৰু আহত হয় বাৰজন লোক । নিহত লোকসকল দিল্লীৰ বাসিন্দা বুলি জানিব পৰা গৈছে । নিহত সকলক বৰ্তমানেও চিনাক্ত কৰা হোৱা নাই ।

ৰাজস্থানৰ পথ দুৰ্ঘটনাত নিহত ৫
দুৰ্ঘটনাতো ফালোদি আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত সংঘটিত হৈছিল । নিহত আটাই কেইগৰাকী লোক দিল্লীৰ বাসিন্দা বুলি ধাৰণা কৰা হৈছে যদিও নিহতসকলক বৰ্তমানেও চিনাক্ত কৰা হোৱা নাই । ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে ।
লগতে পঢ়ক: আজি বিশ্ব আয়ুৰ্বেদ উৎসৱ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে