নেশ্যনেল ডেস্ক, ১৩ অক্টোবৰ :মণিপুৰৰ কাংপোকপি জিলাত উত্তেজনা অব্যাহত আছে । এইবাৰ উগ্ৰপন্থীৰ হাতত নিহত জিলাখনৰ বি গামনম গাঁৱৰ ৫ গৰাকী নিৰীহ লোক । মঙলবাৰে একাংশ লোকক লক্ষ্য কৰি উগ্ৰপন্থীয়ে গুলীচালনা কৰাৰ ফলত এই পাঁচগৰাকীকৈ লোকৰ মৃত্যু হয় । আৰক্ষী মহাপৰিদৰ্শক (IGP) লুনচেইহ কিপগেনে জনোৱা মতে এতিয়ালৈকে তিনিগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু দুজনৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ।
এই গুলীচালনাৰ আঁৰত কুকি উগ্ৰপন্থী (Kuki militant) সংগঠন জড়িত থকাৰ সন্দেহ কৰা হৈছে । জানিব পৰা মতে সুৰক্ষা বাহিনীৰ হাতত নিহত হৈছিল দুজনকৈ উগ্ৰপন্থী । যেতিয়া উগ্ৰপন্থী কেইটাৰ অন্ত্যেষ্টিক্ৰিয়াৰ আয়োজন কৰা হৈছিল তেতিয়া গাঁৱখনৰ বহু লোক সমবেত হৈছিল ।
সেই সময়তে প্ৰতিশোধস্বৰূপে উগ্ৰপন্থীয়ে ৰাইজক উদ্দেশ্যি গুলীচালনা কৰে । গুলীচালনাৰ পাছতে বি গামনম গাঁৱৰ পৰা নিকটতম গাঁৱলৈ লোকসকল পলাই যোৱা বুলি খবৰ পোৱা গৈছে ।