নেশ্যনেল ডেস্ক,১৬ জুন :জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ এক সফল অভিযান । সন্ত্ৰাসবাদ বিৰোধী এক অভিযানত ৫ টাকৈ বিদেশী সন্ত্ৰাসবাদী নিহত হয় । উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনা আৰু আৰক্ষীৰ অভিযান অব্যাহত আছে ।
জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত শুকুৰবাৰে পুৱা এক সংঘৰ্ষৰ সূত্ৰপাত হয় । নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ জুমগুণ্ড অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলিৰ ঘটনা সংঘটিত হয় । এই ঘটনাত ৫ বিদেশী সন্ত্ৰাসবাদী নিহত হয় ।
কাশ্মীৰ জ'ন আৰক্ষীয়ে টুইটযোগে উল্লেখ কৰা মতে এনকাউণ্টাৰত ৫ বিদেশী সন্ত্ৰাসবাদী নিহত হয় । কাশ্মীৰৰ এডিজিপিয়ে জনোৱা মতে অঞ্চলটোত এতিয়াও অনুসন্ধান চলি আছে । ইয়াৰ পূৰ্বে কাশ্মীৰ জ'ন আৰক্ষীয়ে এনকাউণ্টাৰটোৰ বিষয়ে টুইট কৰি জনাইছিল যে কুপৱাৰা জিলাৰ এলঅ'চিৰ জুমাগুণ্ড অঞ্চলত কুপৱাৰা আৰক্ষীৰ এক নিৰ্দিষ্ট ইনপুটৰ ভিত্তিত সন্ত্ৰাসবাদী আৰু সেনা আৰু আৰক্ষীৰ যুটীয়া দলৰ মাজত এনকাউণ্টাৰ আৰম্ভ হৈছিল ।
ইয়াৰ পূৰ্বে, ২ জুনত জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাতো নিৰাপত্তা বাহিনীৰ সৈতে হোৱা এক সংঘৰ্ষত এটা সন্ত্ৰাসবাদী নিহত হৈছিল । চৰকাৰী সূত্ৰৰ মতে, ৰাজৌৰীৰ সমীপৰ দাসল গুজৰানৰ বনাঞ্চলত সন্দেহজনক গতিবিধি লক্ষ্য কৰি সেনা আৰু আৰক্ষীয়ে এক যুটীয়া বেষ্টনী আৰু তালাচী অভিযান আৰম্ভ কৰিছিল । আৰক্ষী বিষয়াসকলে জনাইছিল যে তালাচীৰ সময়তে সন্ত্ৰাসবাদীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰিছিল । গোটেই নিশা দুয়োপক্ষৰ মাজত গুলীবৰ্ষণ অব্যাহত আছিল ।
উল্লেখ্য যে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদৰ সমস্যা বহু পুৰণি । বছৰ বছৰ ধৰি জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদীৰ ঘাটি হৈ আহিছে । পাকিস্তানভিত্তিক আৰু বহু বিদেশী সন্ত্ৰাসবাদী গোটে প্ৰায় জম্মু-কাশ্মীৰত বিভিন্ন ধৰণে আক্ৰমণ কৰে । অৱশ্যে প্ৰায় প্ৰতিটো দিনে এই ক্ষেত্ৰত ভাৰতীয় সেনা, সীমান্ত সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে অভিযান চলোৱা দেখা যায় । অভিযানৰ মাজত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষও হয় ।
লগতে পঢ়ক :Manipur violence: পুনৰ পাঁচ দিনলৈ কৰ্তন ইণ্টাৰনেট সেৱা