নিউজ ডেস্ক, ১৯ জুন : তামিলনাডুত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা । দুখন বাছৰ মুখামুখী সংঘৰ্ষত ৫ জন যাত্ৰীৰ মৃত্যু হয় । আনহাতে, আন ৫০ জন লোক আঘাতপ্ৰাপ্ত হয় । আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে কুড্ডালোৰ জিলাত দুখন ব্যক্তিগত বাছৰ মাজত এই মুখামুখী সংঘৰ্ষৰ সৃষ্টি হয় । যাৰ ফলত পাঁচজন লোকৰ মৃত্যু হোৱাৰ উপৰি কমেও ৫০ জন আহত হয় ।
দুৰ্ঘটনাত পতিত আটাইকেইজন আহতকে ততাতৈয়াকৈ কুড্ডালোৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে লগতে কয় । পাণুতিৰ মেলপট্টমপক্কামত সংঘটিত এই দুৰ্ঘটনাটোত দুয়োখন বাহনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰে । আনহাতে, দুৰ্ঘটনাটোৰ লগে লগে পথচাৰী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ।
লগতে আৰক্ষীয়ে জনাইছে যে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ অনুসন্ধান আৰম্ভ কৰা হৈছে । প্ৰাৰম্ভিক প্ৰতিবেদনসমূহে ইংগিত দিছে যে এখন বাছৰ সন্মুখৰ টায়াৰ ফুটি যোৱাৰ ফলত চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পোলায় । তাৰ ফলস্বৰূপে বিপৰীত দিশৰ অহা আন এখন বাছৰ সৈতে বাছখনৰ মুখামুখী সংঘৰ্ষ লাগে বুলি আৰক্ষীয়ে জনাইছে ।