নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ :আৰৱ সাগৰত প্ৰায় ৪৩ ঘণ্টা সাঁতুৰি জীৱন ৰক্ষা কৰিলে এগৰাকী মাছমৰীয়াই । ২৫ বছৰীয়া মাছমৰীয়াগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত আনন্দিত আন মাছমৰীয়াসকল । মাছমৰীয়াগৰাকী তামিলনাডুৰ মুৰুগান বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে তামিলনাডুৰ ৮ জনীয়া এটা দলে গভীৰ সাগৰত মাছ ধৰাৰ বাবে গৈছিল । দলটোত থকা মুৰুগানে বুধবাৰে নিশা প্ৰস্ৰাব কৰিবলৈ নাওখনৰ কাষলৈ গৈছিল । সেই সময়তে মুৰুগান সাগৰত বাগৰি পৰিছিল । আন মাছমৰীয়াসকলে মুৰুগান সাগৰত পৰি যোৱাৰ কথা জনা নাছিল । কিন্তু পাচত তেওঁলোকে সেই কথা গম পালে আৰু অনুসন্ধান আৰম্ভ কৰিলে । কিন্তু বহু সময় ধৰি অভিযান চলোৱাৰ পাচতো তেওঁলোকে মুৰুগানক উদ্ধাৰ কৰিব নোৱাৰিলে । অৱশেষত, মুৰুগানৰ মৃত্যু হোৱা বুলি বাকী মাছমৰীয়াসকলে সন্দেহ কৰিলে ।
ইফালে শুকুৰবাৰে সন্ধিয়া গাংগোলীৰ একাংশ মাছমৰীয়াই পুনৰ সাগৰত মাছ ধৰিবলৈ গৈছিল । সেই সময়ত, সাগৰত সাঁতুৰি থকা মাছমৰীয়াজনক তেওঁলোকে প্ৰত্যক্ষ কৰে । মাছমৰীয়াসকলক লক্ষ্য কৰি মুৰুগানে হাত দাঙি সহায়ৰ বাবে চিঞৰিছিল । তেতিয়া গাংগোলীৰ মাছমৰীয়াসকলে গৈ মুৰুগানক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি তামিলনাডুৰ মাছমৰীয়াসকলক মাছমৰীয়া মুৰুগানৰ বিষয়ে অৱগত কৰা হৈছে ।